পুনৰ বহি:ৰাজ্যত সন্ধানহীন অসমৰ যুৱক

39

পুনৰ বহি:ৰাজ্যত সন্ধানহীন অসমৰ যুৱক।

দিল্লীৰ পৰা সন্ধানহীন হৈছে নগাঁৱৰ চকীটোপৰ মুন্না বৰ্মন।

মুন্নাই যোৱা ৬ বছৰ ধৰি পঞ্জাৱৰ এক ব্যক্তিগত প্ৰতিষ্ঠানত কাম কৰি আছিল।

যোৱা ৫ এপ্ৰিলত অবাধ আসাম ৰেলেৰে নগাঁৱলৈ অহাৰ কথা আছিল মুন্নাৰ।

নিশা ১০ বজাত আছিল ৰে’ল। নিশা ৯ বজাত শেষ বাৰৰ বাবে মাতৃৰে সৈতে কথা পাতিছিল মুন্নাই।

কিন্তু আজিপৰ্যন্ত নগাঁৱৰ নিজ গৃহত উপস্থিত নহ’ল মুন্না।

মুন্নাৰ মাতৃয়ে নগাঁও সদৰ আৰক্ষী থানাত দাখিল কৰিছে এজাহাৰ।

আৰক্ষীৰ ফালৰ পৰা এতিয়ালৈকে লাভ কৰিব পৰা নাই মুন্না নিখোজ হোৱাৰ কোনো তথ্য।