ফ্লিপকাৰ্ট গ্ৰচাৰীৰ ১.৬গুণ বৃদ্ধি, ৫০%তকৈ অধিক ইভি বাহনেৰে ডেলিভাৰীৰ সৈতে ত্বৰান্বিত কৰিছে বহনক্ষমতাক

181

ভাৰতৰ ঘৰুৱা ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্টে গ্ৰচাৰীৰ ব্যৱসায়ত প্ৰতি বছৰৰ লাভেৰে ১.৬গুণ বৃদ্ধি অৰ্জন কৰিবলৈ সক্ষম হৈছে। এই উল্লেখযোগ্য মাইলৰ খুঁটিয়ে ফ্লিপকাৰ্টৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ প্ৰমাণ কৰিলে যে সৰ্বভাৰতীয় গ্ৰাহকসকলক দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ বাচনিৰ বাবে বিশাল বিকল্প প্ৰদান কৰি সৰ্বোত্তম অনলাইন শ্বপিং অভিজ্ঞতা প্ৰদান কৰিছে। ফ্লিপকাৰ্ট গ্ৰচাৰীৰ আকৰ্ষণীয় বৃদ্ধিৰ সূচকাংকই সমগ্ৰ ভাৰতৰ গ্ৰাহকসকলক প্ৰতিযোগিতামূলক মূল্যত দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ বাবে এক নিৰৱচ্ছিন্ন অনলাইন শ্বপিং অভিজ্ঞতা প্ৰদান কৰাৰ বাবে ফ্লিপকাৰ্টৰ সমৰ্পণক সূচাইছে। দ্ৰুত সেৱা আৰু অভিগম্যতাৰ ক্ষেত্ৰত অগ্ৰণী ফ্লিপকাৰ্ট গ্ৰচাৰী হৈছে একমাত্ৰ ই-কমাৰ্চ প্ৰতিষ্ঠান, যিয়ে বেংগালুৰু, চেন্নাই, কলকাতা, মুম্বাই, নতুন দিল্লীৰ দৰে মেট্ৰ’ চহৰ আৰু অনন্তপুৰ, বঢ়মপুৰ, গোৰখপুৰ, মোৰাদাবাদ, নগাঁও, ছাহাৰ্ছা, শিমুগা আৰু ভেল্লোৰসহ কেইবাখনো টি ২+ চহৰকে ধৰি ২০০ৰো অধিক চহৰত পৰৱৰ্তী দিন(নেক্সট ডে’)ত ডেলিভাৰী প্ৰদান কৰে।
মূল্য আৰু সুবিধাই ফ্লিপকাৰ্ট গ্ৰচাৰীৰ সমৃদ্ধি সূচনা কৰিছে। গ্ৰাহক-প্ৰথম প্ৰতিষ্ঠান হিচাপে ফ্লিপকাৰ্ট গ্ৰচাৰীয়ে সুলভ মূল্যত সতেজ সামগ্ৰী যোগান নিশ্চিত কৰে। উপভোক্তাৰ আস্থা বৃদ্ধি কৰিবলৈ ফ্লিপকাৰ্টৰ সকলো সামগ্ৰীত উৎপাদনৰ সময় আৰু ম্যাদ উকলি যোৱা দিনটো উল্লেখ কৰা হৈছে, যাৰ ফলত গ্ৰাহকৰ মাজত সামগ্ৰীৰ স্পষ্টতা আৰু সতেজতা সুনিশ্চিত হয়। ফ্লিপকাৰ্টে উচ্চ প্ৰদৰ্শনকাৰী কেটেগৰীত তেল, ঘিউ, আটা আৰু এফএমচিজিৰ প্ৰিয় খাদ্য যেনে চাহ, কফি, পানীয় আৰু ডিটাৰজেণ্টৰ দৰে অত্যাৱশ্যকীয় খাদ্যত ১.৬গুণ বৃদ্ধি প্ৰত্যক্ষ কৰিছে। ফ্লিপকাৰ্টে অত্যাৱশ্যকীয় আৰু কম-প্ৰয়োজনীয় সামগ্ৰীসমূহতো শক্তিশালী বৃদ্ধি লাভ কৰিবলৈ সক্ষম হৈছে, ইয়াৰ ভিতৰত প্ৰিমিয়াম শিতান যেনে লিকুইড ডিটাৰজেণ্ট, শুকান ফল আৰু এনাৰ্জী ড্ৰিংকছত চাহিদা বৃদ্ধিৰ সাক্ষী হৈছে। ফ্লিপকাৰ্টে দৈনন্দিন প্ৰয়োজনীয় সামগ্ৰীৰ বৰ্ধিত চাহিদা পূৰণৰ প্ৰয়াস ৰূপে দেশৰ গুৰুত্বপূৰ্ণ স্থানত ১১টা গ্ৰচাৰী ফুলফিলমেণ্ট চেণ্টাৰত যোগান শৃংখলৰ আন্তঃগাঁথনি প্ৰতিষ্ঠা কৰি ইয়াৰ সম্প্ৰসাৰণৰ জৰিয়তে সমগ্ৰ দেশতে নিজৰ গ্ৰচাৰীৰ যোগান শৃংখলৰ আন্তঃগাঁথনি শক্তিশালী কৰিছে। ১২.১৪ লাখ বৰ্গফুটৰো অধিক আকাৰৰ আৰু প্ৰায় ২০.৯ লাখ ইউনিট ক্ষমতাসম্পন্ন ফুলফিলমেণ্ট চেণ্টাৰসমূহে এই অঞ্চলসমূহত প্ৰতিদিনে ১.৬ লাখ গেলামালৰ অৰ্ডাৰ গ্ৰহণ কৰি সামগ্ৰী যোগান ধৰি আহিছে। উদ্ভাৱনীমূলক প্ৰযুক্তিৰ দ্বাৰা চালিত ফ্লিপকাৰ্টে ক্ৰমবৰ্ধমান অনলাইন গ্ৰচাৰীৰ বজাৰখনক দক্ষতাৰে সেৱা আগবঢ়াবলৈ নিজৰ কাৰ্য-সেৱাক অনুকূল কৰি তুলিছে।


ভইচ-সক্ষম(এনাবল) শ্বপিং, শূন্য-সূত(জিৰো ইণ্টাৰেষ্ট)ৰ ক্ৰেডিট আৰু অপেন-বক্স ডেলিভাৰী আৰু বহুতো সুবিধাৰ জৰিয়তে ফ্লিপকাৰ্টে গ্ৰাহকৰ বজাৰৰ অভিজ্ঞতা বৃদ্ধি কৰাৰ অলেখ প্ৰতিশ্ৰুতি কঢ়িয়াই আনিছে। ফ্লিপকাৰ্টে বহনক্ষমতাৰ প্ৰতি থকা দায়বদ্ধতাৰ কথা মনত ৰাখি পৰিৱেশৰ দায়বদ্ধতাৰ ক্ষেত্ৰত উল্লেখযোগ্য অগ্ৰগতি লাভ কৰিছে। বৰ্তমান গ্ৰচাৰীৰ ডেলিভাৰীৰ ৫০ শতাংশতকৈ অধিক ইভিত সামৰি লোৱা হৈছে, ফ্লিপকাৰ্টে ১৪০ শতাংশ গতিত প্ৰতি বছৰে অগ্ৰগতি কৰিবলৈ সক্ষম হৈছে। বহনক্ষমতাৰ লক্ষ্যত উপনীত হোৱাৰ বাবে লোৱা অন্যান্য পদক্ষেপসমূহৰ লগতে ফ্লিপকাৰ্টে গ্ৰাহকসকলক পুনৰ ব্যৱহাৰযোগ্য মোনা(টোট)ত গেলামালৰ সামগ্ৰী যোগান ধৰে আৰু যিকোনো ক্ষুদ্ৰ আকাৰৰ সামগ্ৰীসমূহ সুৰক্ষিতভাৱে উপলব্ধ কৰিবলৈ পৰিৱেশ-অনুকূল কাৰ্ডবৰ্ডৰ টুকুৰা ব্যৱহাৰ কৰে। প্ৰতিষ্ঠানটোৰ সমৃদ্ধিক লৈ প্ৰচণ্ড আত্মবিশ্বাসেৰে ফ্লিপকাৰ্টৰ গ্ৰচাৰী(গেলামাল) শাখাৰ মুৰব্বী তথা উপাধ্যক্ষ হৰি কুমাৰ জিয়ে কয় যে, “ফ্লিপকাৰ্টৰ গ্ৰচাৰী কেটেগৰীয়ে জনপ্ৰিয়তা লাভ কৰাৰ লগে লগে উদীয়মান কেটেগৰীসমূহৰ বাবে উদ্ভাৱন আৰু গ্ৰাহককেন্দ্ৰিকতা গঢ়ি তোলাৰ আমাৰ অটল প্ৰতিশ্ৰুতি প্ৰতিফলিত কৰিছে আৰু লগতে গ্ৰাহকসকলক নিজৰ নিজৰ দৈনন্দিন গেলামাল(গ্ৰচাৰী)ৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ বাবে সঠিক মূল্য প্ৰদান কৰে। আমি আমাৰ ব্যৱসায়ৰ পদচিহ্ন সম্প্ৰসাৰণ আৰু আমাৰ সেৱা বৃদ্ধি কৰাৰ সমান্তৰালভাৱে আমি সমগ্ৰ ভাৰতৰ লাখ লাখ গ্ৰাহকক অতুলনীয় সুবিধা প্ৰদানৰ বাবে সমৰ্পিত হৈ আছোঁ।”