শালকাঠনিত দুষ্প্ৰাপ্য বনৰৌ উদ্ধাৰ

66

শিৱসাগৰ জিলাৰ আমগুৰি নামতিৰ শালকাঠনি গাঁৱখনৰ বাবু বৰা নামৰ যুৱকজনৰ ঘৰৰ চোতালত নিশা উদ্ধাৰ হয় বনৰৌ |

জানিব পৰা মতে উক্ত নিশা যুৱকজনৰ চোতালত কুকুৰে চিঞৰ-বাখৰ লগোৱাত পৰিয়ালৰ লোকসকল বাহিৰলৈ ওলাই অহাৰ পিছতেই বনৰৌটো প্ৰত্যক্ষ কৰে |

অৱশেষত বন বিভাগৰ লোক আহি ঘটনাস্থলীৰ পৰা দুষ্প্ৰাপ্য বনৰৌটো চমজি লয় |