নাৰেংগীত ৰেলৰ খুন্দাত বালাপাৰাৰ দুজন শ্ৰমিকৰ মৃত্যু

64

গোৱালপাৰা জিলাৰ মাটিয়া আৰক্ষী থানাৰ অন্তৰ্গত বহতীৰ বালাপাৰা গাঁওৰ হাফিজুৰ ৰহমান (৩৫) আৰু ছহিনুৰ ইছলাম (১৮) নামৰ দুগৰাকী শ্ৰমিকৰ মৃত্যুৰ খৱৰ পোৱাৰ লগে লগে হাহাকাৰ লাগে দুয়োটা পৰিয়ালৰ মাজত৷ দুয়োজন শ্ৰমিকৰ মৃত্যুৰ খৱৰ বিয়পি পৰাৰ লগে লগে শোকত ভাগি পৰিছে পৰিয়াল তথা আত্মীয় স্বজনৰ লগতে অঞ্চলবাসী ৰাইজ৷পৰিয়ালৰ লোকে ব্যক্ত কৰা মতে,পৰিয়ালৰ আৰ্থিক অনাটনৰ বাবেই মাত্ৰ এসপ্তাহ পূৰ্বে গুৱাহাটীলৈ শ্ৰমিক হিচাপে কাম কৰিবলৈ গৈছিল হাফিজুৰ ৰহমান আৰু ছহিনুৰ ইছলামৰ লগত অঞ্চলটোৰ আন কেইবাজন ব্যক্তি৷

জানিব পৰা মতে,অইন দিনাৰ দৰে শনিবাৰৰ দিনাও পুৱাই কাম কৰিবলৈ ওলাই যোৱা পাঁচজন শ্ৰমিকে নাৰেংগী ষ্টেচনৰ সমীপৰ ৰেল লাইন পাৰ হওঁতেই নামনিমুৱা ত্ৰিপুৰা সুন্দৰী এক্সপ্ৰেছে মহটিয়াই নিয়ে পাঁচজন শ্ৰমিকক৷ৰেলৰ খুন্দাত থিতাতে নিহত হয় ছহিনুৰ ইছলাম আৰু হাফিজুৰ ৰহমান৷অন্যহাতে ৰেলে মহটিয়াই নিয়াত আহত হয় আন তিনিজন শ্ৰমিক। জানিব পৰা মতে,মৰনোত্তৰ পৰীক্ষাৰ অন্তত দুয়োজন শ্ৰমিকৰ মৃতদেহ নিশাই ঘৰলৈ অনাত এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হয়।পিছত এক শোকাকুল পৰিৱেশৰ মাজত শালমাৰা আঞ্চলিক কৱৰস্থানত সহস্ৰাধিক লোকৰ উপস্থিতিত মৃত হাফিজুৰ ৰহমান আৰু ছহিনুৰ ইছলামৰ জানাজা সম্পন্ন কৰি কৱৰস্থ কৰা হয়৷

দুয়োজন মৃতকৰ পৰিয়ালৰ লগতে আহত সকলৰ পৰিয়ালত গৈ গোৱালপাৰা পূৱ সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমে সাক্ষাৎ কৰি শোক সন্তপ্ত পৰিয়ালক সমবেদনা জ্ঞাপন কৰে | গ্ৰামাঞ্চল সমূহত নিশ্চিত কৰ্মসূচী ৰূপায়ণ কৰিবলৈ চৰকাৰক দাবী জনায় এ কে ৰছিদ আলমে৷মৃত্যু হোৱা দুয়োজন শ্ৰমিকৰ পৰিয়ালক উপযুক্ত ক্ষতিপূৰণ আদায় দিবলৈ ৰেল বিভাগক দাবী জনাইছে বিধায়ক এ কে ৰছিদ আলমৰ লগতে স্থানীয় ৰাইজে৷