জিই এৰোস্পেচৰ পৃথকীকৰণ: ভাৰ্নোভাৰ পৰা পৃথকীকৰণৰ পিছত স্বতন্ত্ৰ, বিনিয়োগ-গ্ৰেড প্ৰতিষ্ঠান হিচাপে উত্থান

জিই ভাৰ্নোভাৰ পৃথকীকৰণ সম্পূৰ্ণ হোৱাৰ পিছত জিই এৰ’স্পেছে বিমানৰ ভৱিষ্যৎ নিৰ্ধাৰণ কৰা এটা স্বতন্ত্ৰ ৰাজহুৱা প্ৰতিষ্ঠান হিচাপে আনুষ্ঠানিকভাৱে মুকলিৰ কথা ঘোষণা কৰিছে। জিই এৰ’স্পেছে নিউয়ৰ্ক ষ্টক এক্সচেঞ্জত “জিই” টিকাৰৰ অধীনত ব্যৱসায় আগবঢ়াই নিব। ২০২৪ৰ ২ এপ্ৰিলৰ পুৱা ৯.৩০ বজাত এনৱাইএছইত জিই এৰ’স্পেচ আৰু জিই ভাৰ্নোভাই একেলগে শুভাৰম্ভণিৰ ঘণ্টা বজাব।

জিই এৰ’স্পেচৰ আৰম্ভণিৰ লগে লগে কোম্পানীটোৱে বহু বছৰীয়া বিত্তীয় আৰু কাৰ্যকৰী ৰূপান্তৰৰ সামৰণি মাৰিছে। জিইয়ে ইতিমধ্যে নিজৰ ব্যৱসায় যথেষ্ট শক্তিশালী কৰিছে, ২০১৮ৰ পৰা বৰ্তমানলৈ ১০০ বিলিয়ন ডলাৰৰ অধিক ঋণ হ্ৰাস কৰিবলৈ সক্ষম হৈছে, একে সময়তে লিন পদ্ধতি ৰূপায়ণ কৰি প্ৰতিনিয়ত গ্ৰাহক সেৱাৰ নিৰন্তৰ উন্নতি কৰিছে, যাৰ ফলত গভীৰ আৰু বহনক্ষম সংস্কৃতিৰ পৰিৱৰ্তন হৈছে। এই বিষয়ে জিই এৰ’স্পেচৰ অধ্যক্ষ তথা মুখ্য কাৰ্যবাহী বিষয়া এইচ লৰেন্স কাল্প জুনিয়ৰে কয় যে, “আমাৰ টীমে বহনক্ষম আৰু এই সংজ্ঞায়িত মুহূৰ্ত প্ৰাপ্ত কৰিবলৈ আগবঢ়োৱা অৱদানৰ বাবে মই যথেষ্ট আনন্দিত।”

শতিকাপুৰণি শিক্ষণ আৰু উদ্ভাৱনৰ ওপৰত নিজৰ ভেটি সুদৃঢ় কৰি জিই এৰোস্পেচে উৰণৰ ভৱিষ্যদৰ্শী উদ্ভাৱন, মানুহক ওপৰলৈ উঠোৱা আৰু যাত্ৰীক সুৰক্ষিতভাৱে ঘৰলৈ অনাৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে। ফ্লাইট ডেকৰ সৈতে নিজৰ প্ৰপ্ৰিয়েটৰী লিন অপাৰেটিং মডেলৰ সৈতে  গ্ৰাহক, কৰ্মচাৰী আৰু শ্বেয়াৰধাৰকসকলৰ সেৱাত নিজৰ সম্পূৰ্ণ সম্ভাৱনা প্ৰাপ্ত কৰাত আত্মবিশ্বাসী।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *