তামুলপুৰত কচুবাৰীত সাগৰিকা বিহুৱা দলৰ আখৰাৰ শুভাৰম্ভ

তামুলপুৰ জিলা সদৰস্থ কচুবাৰীৰ অন্যতম সাংস্কৃতিক গোষ্ঠী সাগৰিকা বিহুৱা দলটি এইবাৰ বিহুতলিৰ বাবে ন ৰূপত সাজু হৈ ওলাইছে ৷ সাগৰিকা বিহুৱা দলৰ  বিহুৱা ৱিহুৱতী সকল আজিৰে পৰা বাপটি সাহোন  ব’হাগৰ বিহুটিক আদৰিবলৈ সাজু হৈছে। গাঁৱখনৰ একাংশ যুৱক যুৱতীয়ে সাগৰিকা বিহুৱা দলৰ উদ্যোগত বিহুনৃত্যৰ আখৰা আৰম্ভ কৰিছে ৷ তদুপলক্ষে মঙলবাৰে নিশা কচুবাৰী হাইস্কুলৰ বাকৰিত  আঁহতৰ তলত শুভাৰম্ভ কৰে বিহুনামৰ আখৰা। নিশা বন্তি প্ৰজ্বলন কৰি ঢোল, পেঁপা গগনা, আগত ৰাখি বিহু নৃত্যৰ আখৰাৰ শুভ উদ্বোধন কৰে এসময়ৰ  জ্যেষ্ঠ বিহুৱা পৰমেশ্বৰ দাসে ৷

স্থানীয় যুৱক ৰমেন ৰাজবংশী,  প্ৰণৱ শৰ্মা ৰ নেতৃত্বত বিহুৱা দলৰ বিহু প্ৰশিক্ষণ দিব শিল্পী ৰামচৰণ কলিতাই। সাগৰিকা বিহুৱা দলৰ দলপতিয়ে জনোৱা মতে তামুলপুৰ জিলাৰ লগতে উজনি নামনিৰ কেইবাখনো বিহুতলীত এই বেলি বিহু নৃত্য পৰিবেশন কৰিব৷

উল্লেখ যোগ্য যে এইবেলি সাগৰিকা বিহু দলটিৰ মুখ্য আকৰ্ষণ হ’ব তেলচুৰা খ্যাত কৰণ ডেকা আৰু মাইকেলৰ অংশগ্ৰহণ ৷ সাগৰিকা বিহুৱা দলে এইবাৰ বিহু পৰিৱেশনৰ সমান্তৰালকৈ তেলচুৰা আৰু মাইকেলৰ দ্বাৰা হাস্য ব্যংগ অনুষ্ঠান পৰিবেশন কৰাৰ কথা।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *