চেমচাঙে অভিনৱ উদ্ভাৱনৰ জৰিয়তে গেলেক্সি এ৫৫ ৫জি আৰু গেলেক্সি এ৩৫ ৫জি মুকলি কৰাৰ কথা ঘোষণা 

দেশৰ সৰ্ববৃহৎ কনজিউমাৰ ইলেক্ট্ৰনিকছ ব্ৰেণ্ড চেমচাঙে অভিনৱ উদ্ভাৱনৰ জৰিয়তে গেলেক্সি এ৫৫ ৫জি আৰু গেলেক্সি এ৩৫ ৫জি মুকলি কৰাৰ কথা ঘোষণা কৰিছে। নতুন এ ছিৰিজৰ ডিভাইচসমূহত গৰিলা গ্লাছ ভিক্টাছ+ সুৰক্ষা, এআইৰ দ্বাৰা উন্নীত কেমেৰাৰ সুবিধা আৰু টেম্পাৰ-ৰেজিষ্টেণ্ট নিৰাপত্তা সমাধান, চেমচাং নক্স ভল্টকে ধৰি একাধিক নতুন আৰু আগশাৰীৰ আকৰ্ষণীয় বৈশিষ্ট্য লাভ কৰিব। গেলেক্সি এ৫৫ ৫জি আৰু এ৩৫ ৫জি স্মাৰ্টফোনৰ বিলাসী গ্লাছ বেক আৰু মেটাল ফ্ৰেমে নিজৰ ৬.৬ ইঞ্চিৰ এফএইচডি+ ছুপাৰ এমল ডিছপ্লে আৰু ১২০ হাৰ্টজ ৰিফ্ৰেছ ৰেটৰ পৰিপূৰক সুবিধা আগবঢ়োৱা হয়। ১ মিটাৰ ফ্ৰেছ ৱাটাৰ(পানী) আৰু ধূলি আৰু বালিত ৩০ মিনিট পৰ্যন্ত সহ্য কৰিব পৰাকৈ আইপি৬৭ ৰেটিংসহ গ্ৰাহকক প্ৰদান কৰা হৈছে।

ইয়াৰ উপৰিও ফোনৰ সন্মুখ আৰু পিছফালে কৰ্নিং গৰিলা গ্লাছ ভিক্টাছ+ প্ৰটেকচন আছে। এ ছিৰিজৰ স্মাৰ্টফোনসমূহত ফটো ৰিমাষ্টাৰ, ইমেজ ক্লিপাৰ আৰু অবজেক্ট ইৰেজাৰৰ দৰে এআই-বৰ্ধিত কেমেৰাৰ সুবিধাৰ লগতে এআই ইমেজ চিগনেল প্ৰচেছিং (আইএছপি)ৰ সৈতে উন্নীত নাইট’গ্ৰাফীৰ সৈতে ৫০ মেগাপিক্সেল ট্ৰিপল কেমেৰা সংলগ্ন কৰা হৈছে। চেমচাং নক্স ভল্ট ছিকিউৰিটি হৈছে এ-ছিৰিজৰ এটা যুগান্তকাৰী বৈশিষ্ট্য, যিয়ে হাৰ্ডৱেৰ আৰু চফ্টৱেৰ আক্ৰমণৰ বিৰুদ্ধে বিস্তৃত সুৰক্ষা প্ৰদান কৰা হৈছে, ইয়াত লক স্ক্ৰীণ সুবিধাকে ধৰি জটিল ডাটাৰ পৰাও সুৰক্ষিত কৰা হৈছে।

এই বিষয়ে চেমছাং ইণ্ডিয়াৰ এমএক্স বিজনেছৰ উপাধ্যক্ষ আদিত্য বাব্বৰে কয় যে, “গেলেক্সি এ৫৫ ৫জি এণ্ড এ৩৫ ৫জি ফোনটোৱে আমাক ৫জি স্মাৰ্টফোন ছেগমেণ্ট আৰু দেশৰ ভিতৰতে দ্ৰুতগতিত বৃদ্ধি পোৱা মিড প্ৰিমিয়াম (৩০,০০০-৫০,০০০ টকা) ছেগমেণ্টত আমাৰ নেতৃত্ব সুদৃঢ় কৰাত সহায় কৰিব।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *