ভাৰতৰ আগশাৰীৰ অটোম’বাইল নিৰ্মাতা প্ৰতিষ্ঠান টাটা মটৰ্ছে দিল্লীৰ সমীপত পঞ্চমটো পঞ্জীয়নভুক্ত বাহন স্ক্ৰেপিং কেন্দ্ৰ ‘ৰি.ৱি.ৰি – ৰিচাইকেল উইথ ৰেস্পেক্ট’ উদ্বোধন কৰিছে, এই পদক্ষেপ বহনক্ষম গতিশীলতাৰ দিশত এক উল্লেখযোগ্য পদক্ষেপ হিচাপে চিহ্নিত হৈছে বুলি মন্তব্য কৰিছে কাৰ্যবাহী সঞ্চালক গিৰীশ ৱাগে। জোহৰ মটৰ্ছৰ সৈতে অংশীদাৰিত্বৰে নিৰ্মাণ কৰা আৰভিএছএফ হৈছে এক পৰিৱেশ অনুকূল কেন্দ্ৰ, যিয়ে বছৰি ১৮,০০০ ম্যাদ উকলা বাহন নিৰাপদে নষ্ট কৰি সকলো ব্ৰেণ্ডৰ যাত্ৰী আৰু বাণিজ্যিক বাহন দায়িত্বশীলভাৱে সামৰি থৈছে। এই উল্লেখযোগ্য মাইলৰ খুঁটিয়ে দেশৰ জয়পুৰ, ভুৱনেশ্বৰ, চুৰাট আৰু চণ্ডীগড়ত টাটা মটৰ্ছৰ পূৰ্বৰ ৪টা আৰভিএছএফৰ সফলতাৰ পিছত কোম্পানীটোৰ বহনক্ষম পদক্ষেপসমূহ আগুৱাই নিয়াৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ প্ৰমাণ কৰিলে।
ৰি.ৱি.ৰি হৈছে জীৱনৰ অন্তিম(এণ্ড-অফ-লাইফ) যাত্ৰী আৰু বাণিজ্যিক বাহনবোৰ পৰিৱেশ অনুকূলভাৱে প্ৰস্তুত কৰা এক ডিজিটেল সুবিধা। ই বাণিজ্যিক আৰু যাত্ৰীবাহী বাহনৰ বাবে বেটাৰীৰ প্ৰকাৰ আৰু লাইন-টাইপ নোহোৱা কৰা আৰু নথিবিহীন কাৰ্য-কলাপ প্ৰদান কৰে। এই কেন্দ্ৰটোত টায়াৰ, বেটাৰী, ইন্ধন, তেল, তৰল আৰু গেছৰ দৰে উপাদানবোৰ সুৰক্ষিতভাৱে ধ্বংস কৰাৰ বাবে সমৰ্পিত সকলো সুবিধা আছে। সতৰ্ক নথি-পত্ৰই উপাদানবোৰ সুৰক্ষিতভাৱে নিষ্পত্তি কৰাটো নিশ্চিত কৰে আৰু বাহনৰ স্ক্ৰেপেজ নীতি অনুসৰণ কৰে, যিয়ে স্বয়ংচালিত উদ্যোগত বহনক্ষম পদ্ধতিৰ প্ৰচাৰ-প্ৰসাৰ কৰে।
এই বিষয়ে টাটা মটৰ্ছৰ কাৰ্যবাহী সঞ্চালক গিৰীশ ৱাঘে কয় যে, “ই বহনক্ষম স্বয়ংচালিত পদ্ধতিৰ প্ৰচাৰৰ বাবে চৰকাৰৰ প্ৰচেষ্টাত অৰিহণা যোগাইছে। এই অত্যাধুনিক সুবিধাযুক্ত কেন্দ্ৰটোৱে দায়িত্বশীলভাৱে বাহনসমূহ নিষ্কাশন কৰাৰ ক্ষেত্ৰত নতুন মানদণ্ড স্থাপন কৰিব আৰু সকলোৰে বাবে এক নিকা আৰু অধিক বহনক্ষম ভৱিষ্যতৰ পথ প্ৰশস্ত কৰিব।”