জং-হিৰ জিঅ’ ৱৰ্ল্ড প্লাজাস্থিত চেমচাং বিকেচি পৰিদৰ্শন 

চেমচাং ইলেক্ট্ৰনিকছৰ উপাধ্যক্ষ, মুখ্য কাৰ্যবাহী বিষয়া আৰু ডিভাইচ ইএক্সপেৰিয়েন্স ডিভিজনৰ মুৰব্বী জং-হি (জেএইচ) হানে মুম্বাইৰ জিঅ’ ৱৰ্ল্ড প্লাজাত চেমচাং বিকেচিত অত্যাধুনিক বিপণীখন মুকলি কৰাৰ পিছত প্ৰথমবাৰৰ বাবে এই ষ্টৰটো পৰিদৰ্শন কৰে। ভাৰতীয় বজাৰৰ প্ৰতি চেমচাঙৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰি এআই আৰু প্ৰযুক্তি-সক্ষম গ্ৰাহকসকলৰ বাবে হাইপাৰ সংযোগ আগবঢ়াইছে। হানে গ্ৰাহকসকলক নিজৰ নিজৰ সামগ্ৰী পৰ্টফলিঅ’ত চেমচাঙৰ শেহতীয়া এআই উদ্ভাৱনৰ অভিজ্ঞতা ল’বলৈ সকলোকে আমন্ত্ৰণ জনাইছে।

২০২৪ৰ আৰম্ভণিতে হানে চিইএছত নিজৰ ‘এআই ফৰ অল’ দৃষ্টিভংগী মুকলি কৰিছিল, য’ত এআইয়ে ব্যৱহাৰকাৰীৰ অভিজ্ঞতা আৰু সুবিধা কেনেদৰে বৃদ্ধি কৰিব পাৰি সেই বিষয়ে আলোকপাত কৰিছিল। জানুৱাৰী মাহত চেমচাঙে গেলেক্সি এছ ২৪ স্মাৰ্টফোন ছিৰিজত গেলেক্সিএআই প্ৰৱৰ্তন কৰিছিল। চেমচাং বিকেচি হৈছে এক একত্ৰিত লাইফষ্টাইল অভিজ্ঞতা সুবিধাবিশিষ্ট ষ্ট’ৰ, য’ত শেহতীয়া এআই উদ্ভাৱন আৰু কোম্পানীটোৰ সংযুক্ত ডিভাইচ পৰিৱেশ তন্ত্ৰত নিজৰ প্ৰভাৱ সম্বন্ধীয় বিভিন্ন দিশ প্ৰদৰ্শন কৰে।

এই বিষয়ে চেমচাং ইলেক্ট্ৰনিকছৰ ভাইচ চেয়াৰমেন, চিইঅ’ আৰু ডিভাইচ এক্সপিৰিয়েন্স (ডিএক্স) বিভাগৰ মুৰব্বী জং-হী (জে এইচ) হানে কয় যে, “ভাৰতত প্ৰযুক্তি সন্ধানী অলেখ যুৱ গ্ৰাহক আছে যিয়ে আমাক উদ্ভাৱনৰ বাবে অহৰহ অনুপ্ৰাণিত কৰে। ইয়াত সহস্ৰাধিক যুৱ, উদ্যমী যুৱকে আমাৰ অনুসন্ধান আৰু বিকাশ কেন্দ্ৰসমূহত কাম কৰি এআইৰ দৰে অত্যাধুনিক প্ৰযুক্তি বিশ্বলৈ আগবঢ়াই দিয়াত ব্ৰতী হৈ আছে। আমি এইসকল লোকক লৈ সঁচাকৈয়ে গৌৰৱান্বিত।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *