বৰপেটা লোকসভা সমষ্টিত মুঠ ভোটাৰ ১৯,৪৯,৮৭৩ গৰাকী

সম্প্ৰতি দেশৰ নিৰ্বাচন আয়োগে সমাগত লোকসভা নিৰ্বাচনৰ দিন-তাৰিখ ঘোষণা কৰাৰ পিছত ৰাজ্যখনৰ লগতে বৰপেটা জিলা প্রশাসনে লোকসভা নিৰ্বাচনক লৈ তৎপৰ হোৱা পৰিলক্ষিত হৈছে। সেয়ে সমাগত লোকসভা  নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰিবলৈ নিৰ্বাচনী কাম-কাজত বৰপেটা জিলা প্রশাসন ব্যস্ত হৈ পৰিছে। বৰপেটা লোকসভা সমষ্টিৰ নিৰ্বাচন সন্দৰ্ভত কালি আবেলি বৰপেটা জিলা আয়ুক্তৰ সভাকক্ষত জিলা আয়ুক্ত আয়ুষ গর্গে এখন সংবাদমেল সম্বোধন কৰে। উক্ত সংবাদমেলত বৰপেটা নিৰ্বাচনী জিলাক লৈ কেতবোৰ গুৰুত্বপূৰ্ণ তথ্য সদৰী কৰে বৰপেটা জিলা আয়ুক্ত আয়ুষ গর্গে। সম্প্ৰতি ১০টা বিধানসভা সমষ্টিৰে গঠিত ৩ নং বৰপেটা লোকসভা  সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে ১৯,৪৯,৮৭৩ গৰাকী। ইয়াৰে বঙাইগাঁও জিলাৰ অভয়াপুৰী বিধানসভা সমষ্টিত ১৭,৮,৭৫৬ গৰাকী ভোটাৰ, বঙাইগাঁও বিধানসভা সমষ্টিত ১৬,৮,৩৯২ গৰাকী ভোটাৰ আছে। ঠিক একেদৰে বজালী জিলাৰ ভৱানীপুৰ-সৰভোগ বিধানসভা সমষ্টিত ২০,৯,৪৯৩ গৰাকী আৰু বজালী বিধানসভা সমষ্টিত ১৬,১,৪৩২ গৰাকী ভোটাৰ আছে। বৰপেটা জিলাৰ বৰপেটা বিধানসভা সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হ’ল  ১৬,৮,৭১৭ গৰাকী। জিলাখনৰ পাকাবেতবাৰী বিধানসভা সমষ্টিত ২৫,৮,৬৭২ গৰাকী ভোটাৰ আছে ।

লোকসভা সমষ্টিটোৰ অন্তৰ্গত কামৰূপ জিলাৰ হাজো-শুৱালকুছি বিধানসভা সমষ্টিত মুঠ ভোটাৰ হ’ল ১৯,০৫৮১ গৰাকী। নলবাৰী জিলাৰ বৰক্ষেত্ৰী বিধানসভা সমষ্টিত হ’ল  ২১,৭,০২৮ গৰাকী ভোটাৰ, নলবাৰী সমষ্টিত ১৯,৫,১০১ গৰাকী ভোটাৰ আৰু নৱগঠিত টিহু সমষ্টিত ২০,১,৭০১ গৰাকী ভোটাৰ আছে । ৩ নং বৰপেটা লোকসভা সমষ্টিৰ সর্বাধিক ভোটাৰ হ’ল পাকাবেতবাৰী বিধানসভা সমষ্টিত। সর্বনিম্ন ভোটাৰ থকা সমষ্টি হ’ল বজালী বিধানসভা সমষ্টি। তাৰ পিছত হ’ল বৰপেটা বিধানসভা সমষ্টি। ইপিনে ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত বৰপেটা নিৰ্বাচনী জিলাৰ চেঙা বিধানসভা সমষ্টিত ২৪,০৯১২ গৰাকী ভোটাৰ আৰু নৱগঠিত মন্দিয়া বিধানসভা সমষ্টিত ২৬,০৩৮২ গৰাকী ভোটাৰ আছে। বিশেষভাৱে সক্ষম ভোটাৰৰ সংখ্যা ১১,২৪৯ গৰাকী। বৰপেটা নিৰ্বাচনী জিলাত নতুন ভোটাৰৰ সংখ্যা প্রায় ৪১,০০০ গৰাকী বুলি জানিব পৰা গৈছে। জিলাখনত মুঠ ভোটগ্রহণ কেন্দ্র হ’ল ২,৪৫০টা। বৰপেটা নিৰ্বাচনী জিলাত ২৫৮ টা স্পৰ্শকাতৰ ভোটগ্রহণ কেন্দ্ৰ থকাৰ লগতে আদর্শ ভোট গ্রহণ কেন্দ্র ৪টা আছে।

মহিলা ভোটগ্রহণ কেন্দ্র ১০টা আৰু বিশেষভাৱে সক্ষম লোকৰ ভোটগ্রহণ কেন্দ্র হ’ল ৪ টা। বৰপেটাৰ চৰ অঞ্চলত ১ ১২ টা ভোটগ্রহণ কেন্দ্ৰ হ’ব বুলি জানিব পৰা গৈছে । সেয়ে নির্বাচনী গতিবিধি নিৰীক্ষণ আৰু ব্যৱস্থা গ্ৰহণৰ বাবে যাৱতীয় কাম-কাজত ব্যস্ত হৈ পৰিছে জিলা প্রশাসন। ইপিনে ১৯ এপ্ৰিলত মনোনয়ন-পত্ৰ দাখিলৰ অন্তিম দিন ঘোষণা কৰা হৈছে। মনোনয়ন-পত্ৰ পৰীক্ষণৰ দিন ২০ এপ্রিল আৰু মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ২২ এপ্রিল ধাৰ্য কৰা হৈছে। ইতিমধ্যে নির্বাচন সুচাৰুৰূপে অনুষ্ঠিত কৰাৰ বাবে পূর্ণ প্রস্তুতি চলাই আছে বৰপেটা জিলা প্রশাসনে। ইপিনে জিলা প্ৰশাসনৰ ফালৰ পৰা কণ্ট্ৰ’ল ৰূম হেল্পলাইন নং ১৪০১৮৫৮৭৫৪ আৰু ১৮৬৪৬ ৪৩০৮৯ দুটাকৈ  ফোন নম্বৰ মুকলি কৰি দিয়া বুলি বৰপেটা জিলা প্ৰশাসনে সদৰী কৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *