কেএমবিএলয়ে উন্মোচন কৰিলে ‘চেহত কা চফৰ’ৰ দ্বিতীয় সংস্কৰণ

কোটাক মহিন্দ্ৰা বেংকে (কেএমবিএল) দেশজুৰি ট্ৰাক চালকসকলৰ শাৰীৰিক কল্যাণক অগ্ৰাধিকাৰ প্ৰদান কৰি এক সমৰ্পিত কোটাক কৰ্ম পদক্ষেপ ‘চেহত কা চফৰ’ৰ দ্বিতীয় সংস্কৰণ মুকলি কৰিছে। কোটাকে ‘চেহত কা চফৰ’ৰ জৰিয়তে সমগ্ৰ ভাৰতৰ প্ৰায় ৩,০০০ ট্ৰাকচালকক বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিৱিৰ আয়োজন কৰি সেৱা আগবঢ়াইছে, যাৰ জৰিয়তে স্বাস্থ্য আৰু সুস্থতাৰ প্ৰয়োজনীয়তাসমূহ পূৰণ কৰাৰ বাবে চিকিৎসা পৰামৰ্শ আৰু পৰীক্ষাৰ সুবিধা প্ৰদান কৰিছে।

এই কাৰ্যসূচীত নেত্ৰপৰীক্ষা, স্বাস্থ্য অৱস্থাৰ মূল্যায়ন বা নিৰীক্ষণ, মুখৰ কৰ্কট ৰোগৰ পৰীক্ষাৰ বাবে দন্ত পৰীক্ষা আৰু ৰক্তচাপ আৰু তেজত শৰ্কৰাৰ পৰিমাণকে ধৰি সামগ্ৰিক স্বাস্থ্য পৰীক্ষা আৰু বিভিন্ন স্বাস্থ্য সেৱা আগবঢ়োৱা হ’ব। বিনামূলীয়াকৈ ঔষধ যোগান ধৰাৰ সমান্তৰালভাৱে কোটাকে ট্ৰাক চালকসকলৰ কল্যাণৰ লক্ষ্যৰে চৰকাৰী কল্যাণমূলক আঁচনিসমূহৰ ওপৰত সজাগতা কাৰ্যসূচীৰো অনুষ্ঠিত কৰিছে। এই বিষয়ে কোটাক মহিন্দ্ৰা বেংকৰ লজিষ্টিকছ এণ্ড ইনফ্ৰাষ্ট্ৰাকচাৰৰ অধ্যক্ষ অমিত মোহনে কয় যে, “পূৰ্বৰ শিবিৰসমূহৰ সফলতাক সাৰথি কৰি এইবাৰো আমি আশা কৰো যে ‘চেহত কা চফৰে’ই আৰু অধিক জীৱন স্পৰ্শ কৰি নতুন জীৱন দিবলৈ সক্ষম হ’ব।”

ট্ৰাক চালকসকলে সঘনাই যোৱা বা ব্যৱহাৰ কৰা পৰিবহন কেন্দ্ৰত ৩০টা স্বাস্থ্য শিৱিৰৰ আয়োজন কৰা হ’ব, এই প্ৰতিটো কেন্দ্ৰত ডক্টৰ্ছ ফৰ ইউৰ ৬জন চিকিৎসক আৰু নাৰ্চিং কৰ্মচাৰীক নিয়োজিত কৰা হ’ব। ২০২৩ চত প্ৰথমবাৰলৈ আৰম্ভ কৰা হৈছিল ‘চেহত কা চফৰ’। কোটাকে যোৱা বৰ্ষত ৩০টা ‘চেহত কা চফৰ’ চিকিৎসা শিৱিৰৰ আয়োজন কৰিছিল, যাৰ জৰিয়তে ভাৰতৰ প্ৰায় ৩,০০০ ট্ৰাক চালক লাভান্বিত হৈছিল।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *