তুৰ্কী এয়াৰলাইনছে ভাৰতত আৰম্ভ কৰিছে “ষ্টপঅভাৰ ইন ইস্তাম্বুল” প্ৰগ্ৰাম, যাৰ জৰিয়তে বিমান যাত্ৰীক লেঅভাৰ(দুখন বিমান সলনি)ৰ সময়ত ইষ্টানবুলত এক আনন্দদায়ক মিনি-ভেকেচন(কম সময়ৰ ছুটী) সুযোগ প্ৰদান কৰা হৈছে। এই পদক্ষেপৰ উদ্দেশ্য হৈছে ভাৰতীয় ভ্ৰমণকাৰীসকলৰ বাবে ভ্ৰমণৰ অভিজ্ঞতা বৃদ্ধি আৰু ন ৰূপ প্ৰদান কৰা, যাতে যাত্ৰীসকলে ঐতিহ্যমণ্ডিত চহৰখনৰ সমৃদ্ধ সংস্কৃতি, ইতিহাস জনা-উপভোগ কৰাৰ লগতে বজাৰ কৰাৰ সুযোগ লাভ কৰিব পাৰে। এই কাৰ্যসূচীৰ অধীনত তুৰ্কী এয়াৰলাইনছৰ সৈতে ফুৰিবলৈ যোৱা যাত্ৰীসকলে নিৰ্বাচিত অংশীদাৰ হোটেলত বিনামূলীয়াকৈ থকাৰ সুবিধা লাভ কৰিব, যাৰ জৰিয়তে নিজৰ লেঅভাৰ সময়ৰ সৰ্বোত্তম ব্যৱহাৰ কৰিব পাৰিব। তুৰ্কী বিমান সংস্থাৰ বিক্ৰী সঞ্চালক মাহমুট য়াইলাই ব্যতিক্ৰমী সেৱা প্ৰদানৰ বাবে বিমান সংস্থাটোৰ প্ৰতিশ্ৰুতিৰ কথা প্ৰকাশ কৰি কয় যে এই কাৰ্যসূচীয়ে ভাৰতীয় যাত্ৰীসকলৰ ভ্ৰমণ অভিজ্ঞতা বৃদ্ধিৰ বাবে নিজৰ সেৱা আৰু সমৰ্পণৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।
ক’ভিড মহামাৰীৰ পিছত ভাৰতীয়ৰ মাজত ভ্ৰমণৰ আগ্ৰহ বৃদ্ধি পাইছে, এই সময়ছোৱাতে “ষ্টপঅভাৰ ইন ইস্তাম্বুল” কাৰ্যসূচীৰ শুভাৰম্ভ কৰা হৈছে, যাৰ ফলত ইউৰোপীয় জনপ্ৰিয় আৰু আকৰ্ষণীয় গন্তব্যস্থানলৈ পৰ্যটকৰ সংখ্যা উল্লেখযোগ্যভাৱে বৃদ্ধি পাইছে। বিশ্বৰ অন্যতম শ্ৰেষ্ঠ এয়াৰলাইন হিচাপে স্বীকৃত তুৰ্কী এয়াৰলাইনছে সমগ্ৰ পৃথিৱীতে শ্ৰেষ্ঠ সেৱাৰে প্ৰতিনিয়ত যাত্ৰাৰ বাবে এক পছন্দ হিচাপে প্ৰতিষ্ঠিত হৈছে। এই কাৰ্যসূচীয়ে ইউৰোপলৈ ভ্ৰমণ কৰা যাত্ৰীসকলৰ বাবে এক অতিৰিক্ত আকৰ্ষণ যোগ দিছে, যাৰ ফলত ইষ্টানম্বুলত এক প্ৰশংসনীয় ষ্টপঅভাৰ প্ৰদান কৰিছে। কমেও ২০ ঘণ্টাৰ লেঅভাৰ থকা যাত্ৰীসকল এই কাৰ্যসূচীৰ অধীনত যোগ্য বিবেচিত আৰু আবেদন প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাৰ পিছত বিনামূলীয়াকৈ থকাৰ বাবে ভাউচাৰ প্ৰদান কৰা হয়। ইয়াৰ লগতে তুৰ্কী এয়াৰলাইনছে আগবঢ়ায় ট্যুৰ ইষ্টানবুল, এই প্ৰশংসনীয় লেঅভাৰ সেৱাত আন্তৰ্জাতিক বিমানত স্থানান্তৰৰ বাবে ক্ষণ গণা যাত্ৰীসকলে চহৰখনৰ প্ৰতিষ্ঠিত স্থানবোৰ অন্বেষণৰ লগতে তুৰ্কী ৰন্ধন প্ৰণালীৰ সোৱাদ ল’ব পাৰে।
ভাৰতকে ধৰি ৪২খন দেশৰ ১০৮টা গন্তব্যস্থানলৈ একম’ডেচন সেৱা উপলব্ধ। বিজনেছ ক্লাছৰ যাত্ৰীসকলে পঞ্চ তাৰকাযুক্ত হোটেলত দুৰাতি থকাৰ সুবিধা লাভ কৰাৰ বিপৰীতে ইকনমি ক্লাছৰ যাত্ৰীসকলে ফৰ ষ্টাৰ হোটেলত এৰাতি থকাৰ সুবিধা লাভ কৰিব। পৰ্যটক আৰু বিমান যাত্ৰীসকলে এতিয়া প্ৰয়োজনীয় বিৱৰণ বা সবিশেষ যেনে নাম, ৰিজাৰ্ভেচন ক’ড, বিচৰা থকাৰ দিন আৰু যোগাযোগৰ তথ্য প্ৰদান কৰি নিজৰ মিনি-ভেকেচন বুকিং কৰিব পাৰিব।