ডিব্ৰুগড়ত শাখা মুকলিৰে ব্যৱসায়ৰ সম্প্ৰসাৰণ আইচিআইচিআই বেংকৰ, আগবঢ়াইছে উদ্ভাৱনীমূলক বেংকিং সমাধান

আইচিআইচিআই বেংকে ডিব্ৰুগড়ত মুকলি কৰিলে এটা নতুন শাখা, চহৰখনত এয়া বেংকটোৰ তৃতীয়টো শাখা। ডিব্ৰুগড় চহৰৰ বৈৰাগীমঠৰ জে এছ বি পেভিলিয়নত অৱস্থিত এই শাখাটোত সকলো গ্ৰাহকক ধনৰ লেন-দেন আৰু আইচিআইচিআই বেংকৰ গ্ৰাহকক নগদ ধন জমা দিয়াৰ বাবে এটিএম-কম-কেছ ৰিচাইকেলাৰ মেচিন (চিআৰএম) আছে। কাঞ্চনজংঘা ভাসমান ৰেষ্টোৰাঁ(ফ্লটিং ৰেষ্টুৰেণ্ট)ৰ প্ৰতিষ্ঠাপক গৌতম বৰদলৈয়ে আজি আনুষ্ঠানিকভাৱে উদ্বোধন কৰে।

এই শাখাটোৱে আৱাসীৰ লগতে নন-ৰেছিডেণ্ট ভাৰতীয়সকলক ৰেমিটেন্স আৰু কাৰ্ড সেৱাৰ জৰিয়তে চেভিংছ আৰু কাৰেণ্ট একাউণ্ট, ট্ৰেড আৰু ফৰেক্স সেৱা, ফিক্সড আৰু ৰেকাৰিং ডিপজিট, ঋণ- ব্যৱসায়িক ঋণ, হোম লোন, ব্যক্তিগত ঋণ, অটো ঋণ আৰু গল্ড লোনৰ লগতে ৰেমিটেন্স আৰু কাৰ্ড সেৱাকে ধৰি এক বিস্তৃত পৰিসৰৰ সেৱা আগবঢ়ায়। ইয়াত মাহৰ প্ৰতি সোমবাৰৰ পৰা শুকুৰবাৰলৈ আৰু প্ৰথম, তৃতীয় আৰু পঞ্চম শনিবাৰে পুৱা ৯.৩০ বজাৰ পৰা আবেলি ৩ বজালৈ সেৱা আগবঢ়োৱা হয়।

এই শাখাটোৱে টেব বেংকিং সুবিধাও আগবঢ়ায়, যিয়ে টেবলেট ডিভাইচৰ জৰিয়তে এজন কৰ্মচাৰীয়ে গ্ৰাহকৰ স্থানতে প্ৰায় ১০০টা সেৱা আগবঢ়াব পাৰে। এই সেৱাসমূহৰ ভিতৰত আছে একাউণ্ট আৰু ফিক্সড ডিপ’জিট (এফডি) মুকলি, চেক বুক ৰিকুৱেষ্ট, ই-ষ্টেটমেণ্ট আৰু ঠিকনা সলনি ইত্যাদি। আইচিআইচিআই বেংকৰ সমগ্ৰ অসমত মুঠ ১১০টা শাখা, ২০০ৰো অধিক এটিএম আৰু কেছ ৰিচাইক্লিং মেচিন(চিআৰএমছ) আছে। আইচিআইচিআই বেংকে বৃহৎ গ্ৰাহক ভিত্তিক শাখা, এটিএম, কল চেণ্টাৰ, ইণ্টাৰনেট বেংকিং (www.icicibank.com) আৰু মোবাইল বেংকিঙৰ মাল্টি-চেনেল ডেলিভাৰী নেটৱৰ্কৰ জৰিয়তে সেৱা আগবঢ়ায়।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *