মাৰ্চ মাহত মুক্তিৰ বাবে সাজু দুটাকৈ গেলাক্সি এ ছিৰিজৰ ফোন 

চেমচাঙে ১১ মাৰ্চত গেলেক্সি এ শৃংখলা লাইনআপত দুটা যুগান্তকাৰী সংযোজন ঘটাই বজাৰত মুকলি কৰিবলৈ সাজু হৈছে। উদ্ভাৱনৰ সম্ভাৱনা মুকলি কৰি গ্ৰাহক আৰু ব্যৱহাৰকাৰীসকলক প্ৰিমিয়াম অভিজ্ঞতা প্ৰদান কৰাৰ বাবে চেমচাঙৰ প্ৰতিশ্ৰুতি দেখা পাব বহুপ্ৰত্যাশিত গ্ৰাহকসকলে। বজাৰলৈ আহিবলগীয়া এই স্মাৰ্টফোনবোৰে নিজৰ ফ্লেগশ্বিপ সুবিধা, উৎকৃষ্ট ডিজাইন আৰু শক্তিশালী প্ৰদৰ্শন ক্ষমতাৰ সৈতে নতুন মানদণ্ড নিৰ্ধাৰণ কৰিবলৈ সাজু হৈছে।

আইকনিক ডিজাইন উপাদান আৰু বৰ্ধিত বহনক্ষমতা প্ৰদান কৰি দুয়োটা মোবাইলক সুৰক্ষিত কৰিবলৈ আইপি৬৭ ৰেটিং প্ৰাপ্ত সঁজুলিৰে সজ্জিত কৰা হৈছে আৰু উন্নত গৰিলা গ্লাছৰ সৈতে প্ৰটেক্ট কৰা হ’ব, যিয়ে দৈনন্দিন বা হঠাতে হোৱা ক্ষয়-ক্ষতিৰ সময়ত ব্যতিক্ৰমী সুৰক্ষা নিশ্চিত কৰিব।নতুন গেলেক্সি এ ছিৰিজৰ এটা অন্যতম উল্লেখযোগ্য দিশ হৈছে নাইট’গ্ৰাফী প্ৰিয় বা অনুৰাগীসকলৰ বাবে প্ৰস্তুত কৰা বৈপ্লৱিক কেমেৰা প্ৰযুক্তি।

কম পোহৰৰ পৰিৱেশতো আকৰ্ষণীয় ৰূপত ছবি আৰু ভিডিঅ’সমূহ প্ৰদৰ্শন বা ধৰি ৰখাৰ উন্নত কাৰ্যক্ষমতাৰ সৈতে ব্যৱহাৰকাৰীয়ে দৃশ্য অভিজ্ঞতাত অতুলনীয় সৃষ্টিশীলতা আৰু স্পষ্টতা আশা কৰিব পাৰে গ্ৰাহকসকলে।এই স্মাৰ্টফোনসমূহৰ পৰিৱেশন দক্ষতাৰ ভিত্তি হৈছে শক্তিশালী প্ৰচেছৰ আৰু উদ্ভাৱনীমূলক ভেপাৰ কুলিং চেম্বাৰ্ছ(বাষ্প শীতল কক্ষ)ৰ এক আকৰ্ষণী সংমিশ্ৰণ, যিয়ে অতুলনীয় গতি, সঁহাৰি আৰু থাৰ্মেল(তাপীয়) কাৰ্যক্ষমতা প্ৰদান কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *