ইউপিআই হেণ্ডেল মুকলিৰ জৰিয়তে ভাৰতৰ ডিজিটেল অৰ্থনীতিক নতুন মাত্ৰা প্ৰদান ফ্লিপকাৰ্টৰ

ভাৰতৰ আগশাৰীৰ ই-কমাৰ্চ প্লেটফৰ্ম ফ্লিপকাৰ্টে নিজা ইউপিআই হেণ্ডেল মুকলি কৰাৰ কথা ঘোষণা কৰিছে । শেহতীয়া এই পদক্ষেপৰ জৰিয়তে ৫০ কোটিতকৈ অধিক ব্যৱহাৰকাৰীৰ বিশাল গ্ৰাহক ভিত্তি থকা ফ্লিপকাৰ্টৰ অনলাইন লেনদেনত বৈপ্লৱিক পৰিৱৰ্তন আনিবলৈ সাজু হৈছে। ফ্লিপকাৰ্ট ইউপিআই মুকলিৰ লগে লগে গ্ৰাহকে অনলাইন আৰু অফলাইন দুয়োটা পদ্ধতিৰ লেনদেনৰ বাবে নিজৰ ইউপিআই হেণ্ডেলসমূহ বাধাহীনভাৱে সহজে চেট আপ কৰিব পাৰিব, যাৰ ফলত ফ্লিপকাৰ্ট বজাৰৰ ভিতৰত আৰু বাহিৰতো ডিজিটেল পেমেণ্টৰ সুবিধা আৰু অধিক সম্প্ৰসাৰিত হ’ব। ব্যৱহাৰকাৰীসকলে এতিয়া ই-কমাৰ্চ লেনদেন, স্কেন আৰু পে টু ইউপিআই আইডিকে ধৰি বহুতো কামৰ বাবে ফ্লিপকাৰ্ট ইউপিআই ব্যৱহাৰ কৰাৰ সুবিধা পাব, লগতে ৰিচাৰ্জ আৰু বিল পেমেণ্টৰ দৰে বিকল্প সুবিধাসমূহো ফ্লিপকাৰ্ট এপৰ জৰিয়তে উপলব্ধ।

ফ্লিপকাৰ্ট ইউপিআইৰ মুকলিৰ লগে লগে ব্যৱহৰকাৰীয়ে এক আকৰ্ষণীয় লাভালাভৰ বিন্যাস আৰু সোপান লাভ কৰিব, যাৰ ভিতৰত আছে চুপাৰকইন, কেছবেক অফাৰ, ব্ৰেণ্ড ভাউচাৰ আৰু মাইলষ্টোন ৰিৱাৰ্ড, যিয়ে পূৰ্বৰ দৰেই এক লাভজনক ডিজিটেল পেমেণ্ট অভিজ্ঞতাৰ প্ৰতিশ্ৰুতি দিয়ে। এক্সিছ বেংকৰ দ্বাৰা চালিত ফ্লিপকাৰ্ট ইউপিআইয়ে প্ৰথম অৱস্থাত এণ্ড্ৰইড ব্যৱহাৰকাৰীসকলক সেৱা আগবঢ়াবলৈ সাজু হৈছে। এতিয়া ফ্লিপকাৰ্ট এপৰ জৰিয়তে ডিজিটেল লেনদেনৰ বাবে ‘@এফকেএক্সিছ’ হেণ্ডেলৰ সৈতে এক নিৰৱিচ্ছিন্ন পঞ্জীয়ন প্ৰক্ৰিয়া খোলা ৰখা হৈছে।

ফ্লিপকাৰ্টৰ ফিনটেক এণ্ড পেমেণ্টছ গ্ৰুপৰ জ্যেষ্ঠ উপাধ্যক্ষ ধীৰাজ আনেজাই গ্ৰাহকসকলক আগশাৰীৰ বাণিজ্য অভিজ্ঞতা প্ৰদান কৰাৰ বাবে কোম্পানীৰ প্ৰতিশ্ৰুতি ব্যক্ত কৰে। তেওঁ ফ্লিপকাৰ্ট ইউপিআইয়ে লৈ অহা সুযোগ-সুবিধা আৰু খৰচ-বহনক্ষম সংমিশ্ৰণৰ লগতে গ্ৰাহকসকলে প্লেটফৰ্মৰ পৰা আশা কৰা সুৰক্ষা আৰু দক্ষতাৰ নিশ্চয়তাৰ ওপৰত বিশেষভাৱে আলোকপাত কৰে। এক্সিছ বেংকৰ কাৰ্ড আৰু পেমেণ্টছ বিভাগৰ অধ্যক্ষ তথা মুৰব্বী সঞ্জীৱ মোঘেই কৌশলগত অংশীদাৰিত্ব আৰু উদ্ভাৱনৰ জৰিয়তে ইউপিআইৰ সম্প্ৰসাৰণৰ বাবে বেংকৰ প্ৰতিশ্ৰুতিৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ ক্লাউডত আয়োজিত ফ্লিপকাৰ্ট ইউপিআই সমাধানৰ স্থিৰতা আৰু স্কেলেবিলিটিৰ ওপৰত গুৰুত্ব আৰোপ কৰে, যিয়ে গ্ৰাহকসকলক এক শক্তিশালী প্লেটফৰ্ম নিশ্চিত কৰে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *