এনএছইত পঞ্জীয়নভুক্ত গ্ৰাহক কোডৰ মুঠ সংখ্যা হৈছেগৈ ১৬.৯ কোটি

নেচনেল ষ্টক একচেঞ্জ অৱ ইণ্ডিয়া(এনএছই)ই পঞ্জীভুক্ত বিনিয়োগকাৰীৰ আধাৰ ২০২৪ চনৰ ২৯ ফেব্ৰুৱাৰীলৈকে ৯ কোটি (৯০ মিলিয়ন) অনন্য বিনিয়োগকাৰী (ইউনিক পেন) আৰু মুঠ ১৬.৯ কোটি (১৬৯ মিলিয়ন) একাউণ্টত উপনীত হ’বলৈ সক্ষম হৈছে। বিনিয়োগকাৰীৰ আধাৰত যোৱা ৫ বছৰত ৩গুণতকৈ অধিক বৃদ্ধি দেখা গৈছে।

ইয়াৰ আঁৰত ডিজিটাইজেচনৰ দ্ৰুত অগ্ৰগততি, বিনিয়োগকাৰীৰ সজাগতা বৃদ্ধি, বিত্তীয় অন্তৰ্ভুক্তি আৰু শক্তিশালী বজাৰৰ প্ৰদৰ্শনৰ বাবে সম্ভৱ হৈছে। বিত্তীয় বৰ্ষ ২৪ৰ আৰম্ভণিৰ পৰা ২০২৪ চনৰ ২৯ ফেব্ৰুৱাৰীলৈকে নিফটি ৫০-এ প্ৰায় ২৭% ৰিটাৰ্ণ দিছিল, আনহাতে নিফটি ৫০০-এ ৩৮% ৰিটাৰ্ণ দিবলৈ সক্ষম হৈছিল।২০২৩ৰ অক্টোবৰৰ পৰা প্ৰায় ৪২% নতুন বিনিয়োগকাৰীয়ে বজাৰত প্ৰৱেশ কৰিছে, ইয়াৰ ভিতৰত উত্তৰ প্ৰদেশ আৰু মহাৰাষ্ট্ৰৰ বিনিয়োগগৰাকীয়েই সৰ্বাধিক। এই সৰ্বাধিক একক পঞ্জীয়নভুক্ত বিনিয়োগকাৰীৰ ভিতৰত মহাৰাষ্ট্ৰৰ ১.৬ কোটি (১৬ মিলিয়ন) বিনিয়োগকাৰী, উত্তৰ প্ৰদেশৰ ৯৭ লাখ (৯.৭ মিলিয়ন) বিনিয়োগকাৰী আৰু গুজৰাটৰ ৮১ লাখ (৮.১ মিলিয়ন) বিনিয়োগকাৰী।

এই সময়ছোৱাত পৰোক্ষ অংশগ্ৰহণো যথেষ্ট পৰিমাণে বৃদ্ধি পাইছে। ২৩ অক্টোবৰৰ পৰা ২৪ জানুৱাৰীৰ ভিতৰত প্ৰায় ১.৬ কোটি (১৬ মিলিয়ন) নতুন এছআইপি একাউণ্ট মুকলি কৰা হৈছে আৰু পূৰ্বৰ ছমাহৰ সময়ছোৱাত গড় মাহিলী এছআইপি প্ৰবাহ(ইনফ্লওছ) প্ৰায় ১৭,৬০০ কোটি টকা (১৭৬ বিলিয়ন) বনাম ১৫,১১৫ কোটি টকা (১৫১ বিলিয়ন )। এই বিষয়ে এনএছইৰ মুখ্য ব্যৱসায়িক উন্নয়ন বিষয়া শ্ৰীৰাম কৃষ্ণনে কয় যে, “শেহতীয়াকৈ ১ কোটিৰো অধিক নতুন বিনিয়োগকাৰীক ৫ মাহৰ অভিলেখসংখ্যক কম সময়ৰ ভিতৰতে এক্সচেঞ্জত অনবৰ্ড কৰা দেখি আমি যথেষ্ট উৎসাহী।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *