৩গুণ বৃদ্ধিৰে আগশাৰীৰ ব্যক্তিগত বীমা কোম্পানীৰ শীৰ্ষত আছে বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্স, অতিক্ৰম কৰিছে ১ লাখ কোটি টকাৰ মাইলৰ খুঁটি

বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সে ২০২৪ বিত্তীয় বৰ্ষৰ প্ৰথম ৯ মাহত নিজৰ ব্যৱসায়িক প্ৰদৰ্শনত অতুলনীয় উত্থান কৰিবলৈ সক্ষম হৈছে। কোম্পানীটোৰ শেহতীয়া বিত্তীয় ফলাফলে দেশৰ অন্যান্য মুখ্য ব্যক্তিগত বীমাকৰ্তাৰ তুলনাত ব্যতিক্ৰমী প্ৰদৰ্শনেৰে নতুন শিখৰ চুমিছে। শেহতীয়াকৈ প্ৰকাশিত তথ্য অনুসৰি বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সে বিশেষভাৱে ইণ্ডিভিজুৱেল ৰেটেড নিউ বিজনেছ বা ব্যব্যক্তিগত মূল্যায়িত নতুন ব্যৱসায়(আই আৰ এন বি)ত উল্লেখযোগ্য বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। কোম্পানীটোৱে ২০২৪ বিত্তীয় বৰ্ষৰ নৱম মাহলৈকে এই সময়ছোৱাত আইআৰএনবিত ২৪%ৰ আকৰ্ষণীয় বৃদ্ধিৰে অভিলেখ গঢ়িছে, যি হৈছে ৩,৯৯৬ কোটি টকা, এই পৰিমাণ উদ্যোগটোৰ গড় বৃদ্ধিৰ হাৰৰ প্ৰায় তিনিগুণ। এই উল্লেখনীয় বৃদ্ধিৰ ধাৰাই প্ৰতিযোগিতামূলক লাইফ ইঞ্চুৰেন্স খণ্ডৰ বজাৰত বাজাজ এলিয়াঞ্জৰ স্থান শক্তিশালী কৰি তুলিছে।

সমান্তৰালভাৱে একে সময়ছোৱাত কোম্পানীটোৰ মুঠ লিখিত প্ৰিমিয়াম (জিডব্লিউপি) ১৪,৮৬০ কোটি টকালৈ বৃদ্ধি পাইছে, এই পৰিমাণে পূৰ্বৰ বিত্তীয় বৰ্ষৰ তুলনাত যথেষ্ট উত্থান প্ৰতিফলিত কৰিছে। বাজাজ এলিয়াঞ্জে নবীকৃত পেমেণ্ট প্ৰক্ৰিয়া আৰু বহনক্ষমতাৰ পদক্ষেপ বৃদ্ধিত গুৰুত্ব আৰোপ কৰি ২৪ বিত্তীয় বৰ্ষৰ নৱম মাহত আকৰ্ষণীয় নবীকৰণ প্ৰিমিয়াম বৃদ্ধি কৰিবলৈ সক্ষম হৈছে। বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সেও বিত্তীয় বহনক্ষমতা প্ৰদৰ্শন কৰি লাভৰ পিছত কৰ (পিএটি) ৪৫৭ কোটি টকাত উপনীত হ’বলৈ সক্ষম হৈছে, এই পৰিমাণ হৈছে যোৱা বছৰৰ একে সময়ছোৱাৰ তুলনাত ২৬% অধিক। ১ লাখ কোটি টকাৰ মাইলৰ খুঁটি অতিক্ৰম কৰি নম্বৰ অৱ পলিচিজ (এন অ’ পি) আৰু এচেটছ অণ্ডাৰ মেনেজমেণ্ট (এ ইউ এম)ৰ দৰে মূল ক্ষেত্ৰসমূহত কোম্পানীটোৰ শক্তিশালী প্ৰদৰ্শনে বজাৰৰ স্থান আৰু বিশ্বাসযোগ্যতাক আৰু অধিক সুদৃঢ় কৰি তুলিছে।

কোম্পানীটোৱে নিজৰ সফলতাৰ বাবে গ্ৰাহক-কেন্দ্ৰিক দৃষ্টিভংগীৰ বাবে সদায়ে পোষকতা কৰি আহিছে আৰু গ্ৰাহককে সৰ্বাধিক অগ্ৰাধিকাৰ প্ৰদান কৰে। অত্যাধুনিক প্ৰযুক্তিৰ সহায়ত শেহতীয়া বিভিন্ন সামগ্ৰীৰ পৰ্টফলিঅ’ প্ৰদান কৰে। বিত্তীয় বৰ্ষ ২৪ত সমৃদ্ধি আৰু উদ্ভাৱনৰ বলত বাজাজ এলিয়াঞ্জ লাইফ এচ, মেগনাম ফৰ্চুন প্লাছ, এচিয়ৰ্ড ৱেল্থ গ’ল, গেৰাণ্টিড পেঞ্চন গ’ল, ফ্লেক্সি ইনকাম গ’ল আৰু ফিউচাৰ ৱেলথ গেইনৰ দৰে সামগ্ৰীসমূহে গ্ৰাহকৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰিছে। দেশৰ মুঠ ৫১১টা শাখা, ১,৪২,০০০ৰো অধিক এজেণ্ট আৰু ৮২টা প্ৰতিষ্ঠানিক অংশীদাৰক লৈ গঠিত এক শক্তিশালী বিতৰণ নেটৱৰ্কৰ জৰিয়তে বাজাজ এলিয়াঞ্জ লাইফ ইঞ্চুৰেন্সে নিজৰ গ্ৰাহকসকলক মূল্য আৰু সুৰক্ষা প্ৰদানৰ বাবে প্ৰতি মুহূৰ্ততে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *