মোবাইলৰ গ্ৰাহকক এআই যুগৰ সৈতে পৰিচয় কৰাই দিছে গেলেক্সি এছ২৪ ছিৰিজে

গেলেক্সি এআই ফোনে অত্যাধুনিক মোবাইল প্ৰযুক্তিৰ সহায়ত নিৰৱচ্ছিন্ন যোগাযোগ আৰু সেৱা সুলভ-সহজ কৰি সামাজিক উন্নতিৰ পথ প্ৰশস্ত কৰি তোলাৰ লগতে ভৱিষ্যতৰ উন্নতিৰ পথ প্ৰশস্ত কৰি ভাৰতীয়ৰ জীৱনলৈ বৈপ্লৱিক পৰিৱৰ্তন আনিছে। গেলেক্সি এছ২৪ ছিৰিজ ব্যৱহাৰকাৰীসকলে গেলেক্সি এআই সুবিধা আৰু আপগ্ৰেডসমূহৰ প্ৰতি যথেষ্ট আগ্ৰহ দেখুৱাইছে, বিশেষকৈ গুগলৰ সৈতে চাৰ্কল টু চাৰ্চ, লাইভ ট্ৰান্সলেট, চেট এচিষ্ট আৰু ইণ্টাৰপ্ৰেটাৰ ইত্যাদি। বৰ্তমান সময়ত লাইভ ট্ৰান্সলেট, চেট এচিষ্ট আৰু ইণ্টাৰপ্ৰেটাৰৰ দৰে যোগাযোগ সঁজুলিবোৰে ভাষাৰ প্ৰতিবন্ধকতা নোহোৱা কৰিছে, সমান্তৰালভাৱে প্ৰ’ভিজুৱেল ইঞ্জিনৰ দ্বাৰা চালিত ফটো এচিষ্টে সৃষ্টিশীলতাৰ ক্ষেত্ৰখনত জনপ্ৰিয় সঁজুলি ৰূপে পৰিগণিত হৈছে।

প্ৰথম এআই ফোন গেলেক্সি এছ ২৪ ছিৰিজ ব্যৱহাৰকাৰী গ্ৰাহকসকলৰ বৰ্ধিত প্ৰয়োজনীয়তা আৰু এআইৰ জৰিয়তে সম্ভাৱ্য পৰিৱৰ্তনৰ জৰিয়তে অনুপ্ৰাণিত হৈছিল। এই নতুন ফোনটোৱে মোবাইল এআইৰ নতুন বেঞ্চমাৰ্ক গঢ়ি তুলিছে আৰু এআই ফোনসমূহৰ বৰ্ধিত কেটেগৰীক ন-ৰূপত সংজ্ঞায়িত কৰিছে। অৱশ্যে বাস্তৱৰ সৈতে ভ্ৰম আৰু বৌদ্ধিক সম্পদৰ অধিকাৰৰ বিতৰ্কৰ দৰে প্ৰত্যাহ্বানবোৰো বিবেচনা কৰাৰ প্ৰয়োজন। দেশৰ বিভিন্ন কোম্পানীসমূহৰ মাজত সকলোৰে সহযোগিতাত এআই অভিজ্ঞতাসমূহ সংজ্ঞায়িত কৰিবলৈ এয়া সময়ৰ আহ্বান। কিয়নো গ্ৰাহকসকলে নিজৰ নতুন সামৰ্থ্যসমূহ লাভ আৰু আদায় কৰাত আত্মবিশ্বাসী আৰু ইয়াক নিৰ্ভৰযোগ্যভাৱে উপভোগ কৰিব বিচাৰে।

সেয়েহে ডাটা-ইণ্টেনছিভ মোবাইল সেৱা প্ৰদানৰ যুগত সুৰক্ষা আৰু গোপনীয়তা বৃদ্ধিৰ বাবে চেমচাং গেলেক্সীয়ে হাইব্ৰিড পদ্ধতি গ্ৰহণ কৰিছে। ই অন-ডিভাইচ আৰু ক্লাউড-ভিত্তিক এআইক একত্ৰিত কৰিছে যাতে ব্যৱহাৰকাৰীসকলক সুবিধাসমূহ সম্পূৰ্ণৰূপে অন-ডিভাইচ প্ৰদান কৰিব পাৰে। লগতে গ্ৰাহকৰ ডাটা ব্যৱহাৰৰ ওপৰত অধিক নিয়ন্ত্ৰণ প্ৰদান কৰিব পাৰে। কোম্পানীটোৱে স্বচ্ছতা আৰু পছন্দৰ বিকল্প প্ৰদান কৰি মোবাইলৰ সুৰক্ষা আৰু গোপনীয়তা বৃদ্ধিৰ বাবে প্ৰতিশ্ৰুতিবদ্ধ হৈ আছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *