১০০ বছৰৰো অধিক সমৃদ্ধ ইতিহাসেৰে অভিজ্ঞতাপুষ্ট ব্ৰিটিছ অটোমোবাইল ব্ৰেণ্ড এমজি(মৰিছ গেৰেজ)য়ে এমজি কমেট ইভিৰ সৈতে ভাৰতত সেউজ গতিশীলতা ক্ষেত্ৰখনত নতুন ৰূপত প্ৰৱেশ কৰিছে। দেশৰ ১৯খনতকৈ অধিক ৰাজ্য অতিক্ৰম কৰি ইভি বাহনখনে ইতিমধ্যে উপস্থিত হৈছেহি গুৱাহাটীত। এই অভিযানৰ উদ্দেশ্য হৈছে সমগ্ৰ উঃ-পূৰ্বাঞ্চলতে ইভিৰ বিষয়ে সজাগতা সৃষ্টি কৰা, লগতে গুৱাহাটীৰ দৰে চহৰৰ বাবে এক বহনক্ষম, ব্যৱহাৰিক আৰু অৰ্থনৈতিক গতিশীলতা সমাধান প্ৰদান কৰা। এমজি মটৰ ইণ্ডিয়াই দেশত নগৰীয়া গতিশীলতাৰ এক ব্যৱহাৰিক সমাধান হিচাপে এক স্মাৰ্ট ইভি কমেট মুকলি কৰিছে। ভৱিষ্যদৰ্শী আৰু ব্যৱহাৰকাৰী-অনুকূল প্ৰযুক্তিৰে ডিজাইন কৰা ইভি বাহনখন জনবহুল এলেকাত গাড়ী চলাবলৈ, কৌশলেৰে পাৰ হৈ যাবলৈ আৰু পাৰ্ক কৰিবলৈও সহজ। এবাৰ চাৰ্জ কৰিলে ২৩০ কিঃমিঃপৰ্যন্ত ৰেঞ্জ প্ৰদান কৰিব বাহনখনে, যাৰ ফলত মাহত কিনা দুটা পিজ্জাতকৈও কম দামতে মালিকে ৰাজপথত চলাই ফুৰিব পাৰিব বাহনখন। এইখন এমজি মটৰ ইণ্ডিয়াৰ পৰ্টফলিঅ’ৰ দ্বিতীয়খন ইভি বাহন। এমজি কমেট ইভি বাহনখন হৈছে ভাৰতৰ এক অনন্য ইলেক্ট্ৰিক(ইভি) বাহন, য’ত ডিজাইন, উন্নত সংযোগ আৰু মনোৰঞ্জনৰ সুবিধাসমূহ প্ৰদান কৰা হৈছে। এই বাহনখনত এটা ১০.২৫ হেড ইউনিট আৰু ডিজিটেল ক্লাষ্টাৰ, আইস্মাৰ্ট ইনফ’টেইনমেণ্ট, ৫০+ সংযুক্ত সুবিধা আৰু ১০০তকৈও অধিক ভইচ কমাণ্ড আছে। ইভিখনত ডুৱেল ফ্ৰণ্ট এয়াৰবেগ, এবিএছ+ইবিডি আৰু টিপিএমএছৰ দৰে সক্ৰিয় আৰু নিষ্ক্ৰিয় চিকিউৰিটী বিকল্পও আছে। তিনিটা ভেৰিয়েণ্ট-পেচ, প্লে আৰু প্লাছত উপলব্ধ কমেট ইভি, ইয়াৰ মূল্য ক্ৰমে ৬.৯৯ লাখ, ৭.৮৮ লাখ আৰু ৮.৫৮ লাখ টকা(এক্স-শ্ব’ৰুম)।