আইবিএমৰ এআই প্ৰতিবেদন: ৫৯% উদ্যোগত এআইৰ শক্তি ব্যৱহাৰেৰে আগবাঢ়ি আছে ভাৰত

ভাৰতৰ ৫৯% ঔদ্যোগিক প্ৰতিষ্ঠানে নিজৰ কাৰ্যক্ষেত্ৰত কৃত্ৰিম বুদ্ধিমত্তা (এ আই) সক্ৰিয়ভাৱে সংযুক্ত কৰিছে, আইবিএমৰ দ্বাৰা প্ৰস্তুত কৰা শেহতীয়াকৈ প্ৰকাশিত প্ৰতিবেদনত উন্মোচিত হৈছে এই তথ্য। ‘আই বি এম গ্ল’বেল এ আই এডপচন ইনডেক্স ২০২৩’ শীৰ্ষক এই প্ৰতিবেদনত সমীক্ষা কৰা দেশসমূহৰ ভিতৰত এ আই নিয়োগৰ ক্ষেত্ৰত ভাৰত আগবাঢ়ি আছে।এই তথ্যসমূহৰ ওপৰত ভিত্তি কৰি আগতীয়াকৈ পদক্ষেপ গ্ৰহণ কৰা লোকসকলে এই এআই বিপ্লৱৰ নেতৃত্ব প্ৰদান কৰিছে, ইতিমধ্যে ৭৪% ভাৰতীয় উদ্যোগে এআই প্ৰযুক্তিৰ ব্যৱহাৰ আৰম্ভ কৰিছে। আগন্তুক চিন্তাধাৰা বা ৰণকৌশল প্ৰস্তুত কৰা সংস্থাসমূহে যোৱা দুবছৰত এআইত বিনিয়োগ যথেষ্ট পৰিমাণে বৃদ্ধি কৰিছে, লগতে গৱেষণা-উন্নয়ন (আৰ এণ্ড ডি) আৰু কৰ্মশক্তিৰ পুনৰ দক্ষতাৰ দৰে ক্ষেত্ৰসমূহত গুৰুত্ব আৰোপ কৰিছে।

এই উল্লেখযোগ্য অগ্ৰগতিৰ পাছতো এতিয়াও শেষ হোৱা নাই প্ৰত্যাহ্বান, যাৰ ভিতৰত আছে দক্ষতাৰ ব্যৱধান আৰু নৈতিক উদ্বেগসমূহ সমাধান কৰাৰ প্ৰয়োজনীয়তা। এই প্ৰতিবেদনখনে ভাৰতত ব্যাপক ৰূপত এআই গ্ৰহণ কৰাটো সক্ষম ক তুলিৰিবলৈ এই প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে।

আইবিএমৰ ইণ্ডিয়া আৰু দক্ষিণ এছিয়াৰ পৰিচালন সঞ্চালক সন্দীপ পেটেলে এআই প্ৰযুক্তিৰ ওপৰত আস্থা আৰু বিশ্বাস গঢ়ি তোলাৰ গুৰুত্বৰ ওপৰত বিশেষভাৱে জোৰ দিয়ে। তেওঁ এআই নিয়োগৰ সৈতে জড়িত সম্ভাৱ্য বিপদ আৰু উদ্বোগসমূহ হ্ৰাস বা নোহোৱা কৰিবলৈ শক্তিশালী তথ্য আৰু এআই গভাৰ্নেঞ্চ ফ্ৰেমৱৰ্ক ৰূপায়ণৰ প্ৰয়োজনীয়তাৰ ওপৰত আলোকপাত কৰিছে।ভাৰতত এআই গ্ৰহণৰ আঁৰৰ মুখ্য কাৰকবোৰৰ ভিতৰত আছে এআই সঁজুলিৰ উপলব্ধতা, খৰচ হ্ৰাস কৰা আৰু প্ৰচেছ স্বয়ংক্ৰিয় কৰাৰ অপৰিহাৰ্যতা আৰু ষ্টেণ্ডাৰ্ড বিজনেছ এপ্লিকেচনৰ ভিতৰত অন্তৰ্ভুক্ত এআইৰ প্ৰসাৰ ইত্যাদি।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *