ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ নেখেলে মহম্মদ ছামীয়ে

ভাৰতীয় দ্ৰুত বলাৰ মহম্মদ ছামীয়ে অহা মাহৰ পৰা আৰম্ভ হ’বলগীয়া ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত (আই পি এল) খেলিব নোৱাৰিব কিয়নো তেওঁৰ বাওঁ গোৰোহাৰ আঘাতৰ বাবে তেওঁ ইউকেত অস্ত্ৰোপচাৰ কৰিব লাগিব। ভাৰতীয় ক্ৰিকেট ব’ৰ্ডৰ (বিচিচিআই) সূত্ৰই বৃহস্পতিবাৰে পিটিআইক এই তথ্য প্ৰদান কৰে। ৩৩ বছৰীয়া ফাষ্ট বলাৰজনে আঘাতৰ বাবে ইংলেণ্ডৰ বিৰুদ্ধে চলি থকা টেষ্ট শৃংখলাত খেলিব পৰা নাই। তেওঁ যোৱা বছৰ নৱেম্বৰত অষ্ট্ৰেলিয়াৰ বিৰুদ্ধে এদিনীয়া বিশ্বকাপৰ ফাইনেলত ভাৰতৰ হৈ তেওঁৰ অন্তিমখন খেল খেলিছিল।

সূত্ৰই কয় – ছামী জানুৱাৰীৰ শেষ সপ্তাহত লণ্ডনত এটা বিশেষ গোৰোহাৰ বেজী ল’বলৈ গৈছিল আৰু কোৱা হৈছিল যে তেওঁ তিনি সপ্তাহৰ পিছত দৌৰ আৰম্ভ কৰিব পাৰিব।কিন্তু বেজী লোৱাটোৱে কোনো সহায় কৰা নাছিল আৰু এতিয়া তেওঁৰ ওচৰত অস্ত্ৰোপচাৰ কৰাৰ বাহিৰে কোনো বিকল্প নাই। তেওঁ সোনকালেই অস্ত্ৰোপচাৰৰ বাবে ইউকেলৈ যাব। তেওঁ আই পি এলত খেলাৰ কোনো প্ৰশ্নই নাই।

বিশ্বকাপত বেদনা স্বত্বেও ছামীয়ে সুন্দৰ প্ৰদৰ্শন কৰিছিল আৰু ২৪ টা উইকেট লৈছিল। তেওঁক শেহতীয়াকৈ অৰ্জুন বঁটাও প্ৰদান কৰা হৈছিল। অক্টোবৰ-নৱেম্বৰত বাংলাদেশ আৰু নিউজিলেণ্ডৰ বিৰুদ্ধে ঘৰুৱা টেষ্ট শৃংখলাৰ পূৰ্বে দ্ৰুত বলাৰজনে প্ৰত্যাৱৰ্তন কৰাৰ সম্ভাৱনা নাই। তেওঁৰ লক্ষ্য হ’ব অষ্ট্ৰেলিয়া ভ্ৰমণৰ দ্বাৰা সম্পূৰ্ণৰূপে ফিট হোৱা। ছামীৰ আঘাতে ৰাষ্ট্ৰীয় ক্ৰিকেট একাডেমীৰ (এনচিএ) পুনৰ্সংস্থাপন কাৰ্যসূচীৰ ওপৰতো প্ৰশ্নবোধক চিহ্ন ৰাখিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *