গ্ৰাহকক ‘ফিকৰ-মুক্ত’ জীৱন প্ৰদানৰ বাবে গুৰুত্ব আৰোপ কৰিছে টাটা এআইএ লাইফ ইঞ্চুৰেন্সে

ভাৰতৰ অন্যতম আগশাৰীৰ লাইফ ইঞ্চুৰেন্স প্ৰতিষ্ঠান টাটা এআইএ লাইফ ইঞ্চুৰেন্সে(টাটা এআইএ) মুকলি কৰিছে নতুন ব্ৰেণ্ড পজিচনিং থিম ‘হৰ ৱক্ট কে লিয়ে তৈয়াৰ’। এই নতুন থিমৰ জৰিয়তে গ্ৰাহকৰ সৈতে বৈচিত্ৰ্যপূৰ্ণ সমাধানৰ জৰিয়তে অংশীদাৰিত্ব আৰু ‘ফিকৰমুক্ত’ জীৱন যাপন কৰিবলৈ সক্ষম কৰি তোলাৰ দিশত বিশেষভাৱে গুৰুত্ব দিয়া হৈছে। নতুন পদক্ষেপে ব্ৰেণ্ডৰ সুৰক্ষাৰ ওপৰত গুৰুত্ব প্ৰদানৰ লগতে ফলপ্ৰসূভাৱে পূৰ্বৰ থিম ‘ৰক্ষকৰণ কী ঋত’ৰ ভাৱধাৰাও ৰখা হৈছে। এই নতুন প্ৰয়াসৰ জৰিয়তে টাটা এআইএক অত্যন্ত প্ৰাসংগিক আৰু গ্ৰাহকৰ জীৱনৰ বিশেষ মুহূৰ্তৰ মাজেৰে মূল্য সংযোজন কৰিবলৈ সক্ষম কৰি তোলা হৈছে।

ফৰ্চুন টেলাৰ্ছৰ একাধিক অৱতাৰত দেখা যাব ভাৰতৰ কিংবদন্তি এথলীট নীৰজ চোপ্ৰাক। অলিম্পিয়ান স্বৰ্ণজয়ী এথলীটজনে টাটা এআইএ লাইফ ইঞ্চুৰেন্স সমাধানৰ জৰিয়তে গ্ৰাহকে নিজৰ ভৱিষ্যতৰ প্ৰতি আত্মবিশ্বাসী হ’বলৈ আৰু প্ৰত্যাহ্বান নেওচি আগুৱাই যাবলৈ সাহস দিবলৈ আৰম্ভ কৰা হৈছে এই অভিযান। হাস্যৰসৰ মাজেদি টাটা এআইএৰ সমৰ্থনত গ্ৰাহকসকলক সাজু আৰু আত্মবিশ্বাসী হ’বলৈ আৰু জীৱনৰ আকাংক্ষা পূৰণ কৰিবলৈ শক্তিশালী কৰাৰ ব্ৰেণ্ডৰ বাৰ্তা প্ৰেৰণ কৰিছে।

এই বিজ্ঞাপন মুকলিৰ পিছত কৰা উপভোক্তা জৰীপে দেখুৱাইছে যে ৫০০জন উত্তৰদাতাৰ ৯৬% লোকে এই সৃষ্টিশীল আৰু বাৰ্তা প্ৰেৰণ পদক্ষেপক সঁচাকৈয়ে ভাল পাইছে/আদৰি লৈছে। এই অভিযানৰ সফলতাৰ প্ৰধান কাৰণ হ’ল ভাৰতৰ বিভিন্ন অঞ্চলৰ লোকৰ সৈতে ব্ৰেণ্ডটোৱে সংযোগ স্থাপনৰ ক্ষমতা।এই বিষয়ে টাটা এআইএৰ মুখ্য বিপণন বিষয়া গিৰিশ কালৰাই কয় যে, “এই পদক্ষেপে সদায়ে গ্ৰাহকসকলক আমাৰ ‘বেষ্ট ইন ক্লাছ’ সেৱাৰ সৈতে সংযুক্ত উদ্ভাৱনীমূলক ইঞ্চুৰেন্স, সম্পদ সৃষ্টি, সুস্থতা আৰু অৱসৰৰ সমাধান আগবঢ়োৱাৰ আমাৰ প্ৰচেষ্টাৰ সৈতে অনুৰণিত হয়।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *