৫-ষ্টাৰ ছেফটি ৰেটিঙেৰে উজলি উঠিছে টাটা মটৰ্ছৰ নতুন নেক্সন, ভাৰতীয় এছইউভিৰ সুৰক্ষা মানদণ্ডক দিছে নতুন মাত্ৰা

টাটা মটৰ্ছে সম্পূৰ্ণ নতুন নেক্সন (আইচিই)-এ গ্ল’বেল নিউ কাৰ এচেছমেণ্ট প্ৰগ্ৰেম(জিএনচিএপি)ৰ পৰা প্ৰাপ্তবয়স্ক আৰু শিশু উভয় যাত্ৰীৰ সুৰক্ষাৰ বাবে আকৰ্ষণীয় ৫-ষ্টাৰ ৰেটিং লাভ কৰাৰ কথা ঘোষণা কৰিছে। এই কৃতিত্বৰ লাভে টাটা মটৰ্ছৰ সুৰক্ষাৰ প্ৰতি নিজৰ প্ৰতিশ্ৰুতি আকৌ এবাৰ দৃঢ় কৰি তুলিলে, যাৰ ফলত এছইউভিৰ সমগ্ৰ পৰিসৰ ভাৰতীয় পথৰ বাবে আটাইতকৈ সুৰক্ষিত বিকল্প হৈ পৰিছে। ভাৰতৰ জনপ্ৰিয় এছইউভি নতুন নেক্সনে জিএনচিএপিৰ কঠোৰ মূল্যায়ন প্ৰট’কল অনুসৰণ কৰি প্ৰাপ্তবয়স্ক যাত্ৰীৰ সুৰক্ষাৰ বাবে ৩৪ পইণ্টৰ ভিতৰত ৩২.২২ পইণ্ট আৰু শিশু যাত্ৰীৰ সুৰক্ষাৰ বাবে ৪৯ পইণ্টৰ ভিতৰত ৪৪.৫২ পইণ্ট লাভ কৰিছে। এই সাফল্য টাটা মটৰ্ছৰ বাবে এক উল্লেখযোগ্য মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে, কিয়নো এই বাহনে সুৰক্ষাৰ ক্ষেত্ৰত উদ্ভাৱন আৰু উৎকৃষ্টতাক অগ্ৰাধিকাৰ দি আহিছে।

এই মাইলৰ খুঁটিৰ বিষয়ে উত্সাহ প্ৰকাশ কৰি টাটা মটৰ্ছৰ যাত্ৰীবাহী বাহনৰ মুখ্য সামগ্ৰী বিষয়া মোহন সৱৰকাৰে কয় যে, “আমাৰ ডিএনএতে সুৰক্ষা অন্তৰ্ভুক্ত নিহিত হৈ আছে আৰু ২০২২ চনৰ বৰ্ধিত প্ৰট’কল অনুসৰি নতুন নেক্সনৰ বাবে গ্লোবেল এনচিএপিৰ পৰা সন্মানীয় ৫-ষ্টাৰ ৰেটিং অৰ্জন কৰি আমি গৌৰৱান্বিত।” তেওঁ লগতে টাটা মটৰ্ছৰ গ্ৰাহকৰ প্ৰত্যাশা অতিক্ৰম কৰা বাহন বিতৰণ আৰু যাত্ৰীৰ সুৰক্ষাক অগ্ৰাধিকাৰ দিয়াৰ প্ৰতিশ্ৰুতিৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰে।

কমপেক্ট এছইউভি ছেগমেণ্টত নিজৰ উৎকৃষ্টতাৰ বাবে জনাজাত নেক্সনে আৰম্ভণিৰে পৰাই ৬ লাখৰো অধিক পৰিয়ালৰ প্ৰশংসা লাভ কৰি আহিছে। ছটা এয়াৰবেগ, আইছ’ফিক্স ৰেষ্ট্ৰেইণ্ট আৰু ইলেক্ট্ৰনিক ষ্টেবিলিটী প্ৰগ্ৰেম(ইএছপি)ৰ দৰে উন্নত সুৰক্ষা বৈশিষ্ট্যৰ সৈতে নতুন নেক্সনে ভাৰতীয় অটোমোটিভ বজাৰত সুৰক্ষাৰ ক্ষেত্ৰত এক উচ্চ মানদণ্ড নিৰ্ধাৰণ কৰিছে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *