ভূমি আৰু সংস্কৃতিৰ আধ্যাত্মিক সম্পৰ্কক লৈ চলচ্চিত্ৰ মহোৎসৱ ‘ছল’

“পৃথিৱী আমাৰ মাতৃ আৰু আমি তেওঁৰ সন্তান” শীৰ্ষক বিষয়বস্তুৰে অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সহযোগত সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ উদ্যোগত ‘ছল’ (Sol) নামৰ তিনিদিনীয়া চলচ্চিত্ৰ মহোৎসৱৰ আয়োজন কৰা হৈছে। এই মহোৎসৱৰ মূল লক্ষ্য হৈছে অঞ্চলটোৰ বিভিন্ন সম্প্ৰদায়ৰ সাংস্কৃতিক পৰিচয় গঢ়ি তোলা পৰম্পৰাগত ৰীতি-নীতি আৰু আচাৰ-ব্যৱহাৰসমূহৰ প্ৰসাৰ, সংৰক্ষণ আৰু নথিকৰণ কৰা।

গুৱাহাটীৰ পল্টনবজাৰস্থিত কেশৱ ধামত আয়োজিত এক অনুষ্ঠানত মহোৎসৱৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত আই পি এছ বিষয়া প্ৰদীপ কুমাৰ, মহোৎসৱৰ সঞ্চালিকা তথা অৱসৰপ্ৰাপ্ত আই এ এছ বিষয়া মনিতা বৰগোহাঁই, সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ সঞ্চালক ৰাহুল চন্দ্ৰ দাস, উপ-সচিব নয়না বৰা আৰু সীমান্ত চেতনা মঞ্চ পূৰ্বোত্তৰৰ সাধাৰণ সম্পাদিকা ড° বিনীতা ভাগৱতীয়ে এই কথা ঘোষণা কৰে।

চলচ্চিত্ৰ মহোৎসৱখন ২০২৭ চনৰ ১৮, ১৯ আৰু ২০ মাৰ্চত কাহিলিপাৰাস্থিত জ্যোতি চিত্ৰবনত অনুষ্ঠিত হ’ব।

আয়োজকসকলে জনোৱা মতে, ভূমি, জনসাধাৰণ আৰু সংস্কৃতিৰ মাজৰ গভীৰ আধ্যাত্মিক সম্পৰ্কক চলচ্চিত্ৰৰ ভাষাৰে চিত্ৰিত কৰাৰ উদ্দেশ্যে দ্বিতীয়বাৰৰ বাবে এই মহোৎসৱৰ আয়োজন কৰা হৈছে। এই পদক্ষেপৰ জৰিয়তে উত্তৰ-পূব ভাৰতৰ বিভিন্ন নৃগোষ্ঠীয় সম্প্ৰদায়ৰ বিশ্বাস, লোক-পৰম্পৰা, সাংস্কৃতিক আচাৰ-ব্যৱহাৰ আৰু ভূমি-কেন্দ্ৰিক ৰীতি-নীতিসমূহ তথ্যচিত্ৰৰ জৰিয়তে বহল দৰ্শকৰ ওচৰলৈ লৈ যোৱাৰ প্ৰয়াস কৰা হৈছে।

যোৱা বছৰ অনুষ্ঠিত প্ৰথম সংস্কৰণৰ সফলতাৰ পিছত, এই বছৰৰ প্ৰতিযোগিতাত অংশগ্ৰহণকাৰীসকলে উত্তৰ-পূব ভাৰতৰ যিকোনো সম্প্ৰদায় বা নৃগোষ্ঠীয় গোটৰ ভূমি-ভিত্তিক পৰম্পৰাৰ ওপৰত গুৰুত্ব দি ১৮ ৰ পৰা ২০ মিনিটৰ তথ্যচিত্ৰ জমা দিব লাগিব।

‘আত্মা’ (Soul) ধাৰণাটোৰ ওপৰত আধাৰিত এই মহোৎসৱৰ জৰিয়তে আয়োজকসকলে ৰাষ্ট্ৰীয় ঐক্য সুদৃঢ় কৰাৰ লগতে বিলুপ্তপ্ৰায় সাংস্কৃতিক ঐতিহ্য, পৰম্পৰাগত উপাসনা পদ্ধতি আৰু থলুৱা জ্ঞান ব্যৱস্থাসমূহক এক প্ৰামাণিক আৰু সহজলভ্য ৰূপত উপস্থাপন কৰাৰ লক্ষ্য ৰাখিছে।

By tarali

Leave a Reply

Your email address will not be published. Required fields are marked *