ভাৰতৰ স্বদেশী ই-কমাৰ্চ বজাৰ ফ্লিপকাৰ্ট আৰু ৰাষ্ট্ৰীয় দক্ষতা বিকাশ নিগমে (এনএছডিচি) ছাত্ৰ-ছাত্ৰী আৰু উচ্চাকাংক্ষী প্ৰাৰ্থীসকলক ই-কমাৰ্চ, ৰিটেইল আৰু ৱেৰহাউচ খণ্ডত কেৰিয়াৰ গঢ়িবলৈ মূল্যৱান দক্ষতা অৰ্জন কৰিবলৈ সক্ষম কৰি তোলাৰ বাবে এখন বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই বুজাবুজি চুক্তিৰ অধীনত ফ্লিপকাৰ্টে এই খণ্ডবোৰত ভূমিকা বা পদক্ষেপ ল’বলৈ বিভিন্নজনক প্ৰশিক্ষণ, দক্ষতা, উন্নীত কৌশল আৰু প্ৰমাণপত্ৰ প্ৰদান কৰিব। এই বুজাবুজি চুক্তি স্বাক্ষৰ অনুষ্ঠানত ভাৰত চৰকাৰৰ শিক্ষা, দক্ষতা বিকাশ আৰু উদ্যমিতা বিভাগৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধান, এমএছডিইৰ সচিব অতুল কুমাৰ তিৱাৰী আৰু এনএছডিচিৰ চিঅ’অ’ বেদমণি তিৱাৰী উপস্থিত থাকে।
দেশৰ ই-কমাৰ্চ খণ্ডৰ বাবে বিনামূল্যে অনলাইন পাঠ্যক্ৰম প্ৰদান কৰাৰ বাবে ফ্লিপকাৰ্ট আৰু এনএছডিচিয়ে বুজাবুজিৰ চুক্তিত স্বাক্ষৰ কৰিছে। এই বুজাবুজি চুক্তিৰ জৰিয়তে ফ্লিপকাৰ্টৰ চাপ্লাই চেইন অপাৰেচন একাডেমী (এছচিঅ’এ) আৰু প্ৰজেক্ট ব্ৰাইট ইনিচিয়েটিভৰ জৰিয়তে দক্ষতা বিকাশ ত্বৰান্বিত কৰা আৰু নিয়োগৰ সুযোগ মুকলি কৰাৰ লক্ষ্য বান্ধি লোৱা হৈছে। ফ্লিপকাৰ্টে এনএছডিচিৰ স্বীকৃতিপ্ৰাপ্ত আৰু প্ৰমাণিত পাঠ্যক্ৰমৰ জৰিয়তে প্ৰশিক্ষাৰ্থীসকলৰ বাবে প্ৰশিক্ষণ, দক্ষতা বৃদ্ধি আৰু প্লেচমেণ্ট(নিয়োগ) প্ৰদান কৰিব। এনএছডিচিৰ কৌশল মহোৎসৱ(দক্ষতা উত্সৱ)ৰ নিয়োগ মেলাতো অংশগ্ৰহণ কৰিব ফ্লিপকাৰ্টে। ‘প্ৰকল্প ব্ৰাইট ইনিচিয়েটিভে’ ই-কমাৰ্চ, ছফ্ট স্কিল(বিবিধ দক্ষতা) আৰু গ্ৰাহক সেৱাৰ ক্ষেত্ৰত শিক্ষাৰ্থীৰ দক্ষতা বৃদ্ধিৰ বাবে বিনামূলীয়া অনলাইন পাঠ্যক্ৰম আগবঢ়াব, যাৰ ফলত এইসকল লোকৰ নিয়োগযোগ্যতা বৃদ্ধি পাব।
ফ্লিপকাৰ্টে পাঠ্যক্ৰমসমূহৰ স্বীকৃতি আৰু প্ৰমাণীকৰ(চাৰ্টিফিকেচন)ণৰ বাবে এনএছডিচিৰ সহযোগিতা বিচাৰিছে। এই বিষয়ে এনএছডিচিৰ সঞ্চালক বেদমণি তিৱাৰীয়ে কয় যে, “আমি এই সহযোগিতাক দেশৰ প্ৰতিটো প্ৰান্তলৈ লৈ যোৱাৰ পৰিকল্পনা কৰিছো যাতে নিয়োগ প্ৰত্যাশী বা নিবনুৱাসকলক নিজৰ পছন্দৰ কৰ্মসংস্থাপন লাভ কৰাত সহায় কৰিব পাৰোঁ।”