নতুন দিল্লীয়ে ‘বিবিধতা কা অমৃত মহোৎসৱ’ সমাপ্ত কৰিছে

সাংস্কৃতিক সমৃদ্ধি আৰু ঐক্যৰ জীপাল প্ৰদৰ্শনৰ জৰিয়তে উত্তৰ-পূবৰ বাৰেৰহণীয়া সংস্কৃতিক তুলি ধৰাৰ প্ৰয়াসেৰে অনুষ্ঠিত দ্বিবাৰ্ষিক সমাৰোহ ”বিবিধতা কা অমৃত মহোৎসৱ’ৰ প্ৰথম সংস্কৰণৰ ৰাষ্ট্ৰপতি ভৱনত সফলতাপূৰ্বক সামৰণি পৰে। চাৰিদিনীয়া বৰ্ণাঢ্য কাৰ্য্যসূচীৰে অনুষ্ঠিত এই মহোৎসৱখনিৰ উদ্বোধন কৰে দেশৰ সন্মানীয় ৰাষ্ট্ৰপতি শ্ৰীমতী দ্ৰৌপদী মুৰ্মুৱে। উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকে উত্তৰ-পূৰ্বাঞ্চলৰ পৰ্যটন, সংস্কৃতি আৰু উন্নয়ন মন্ত্ৰী জি কিষাণ ৰেড্ডী, কেন্দ্ৰীয় ভূ-বিজ্ঞান মন্ত্ৰী কিৰেন ৰিজিজুৰ দৰে বিশিষ্ট ব্যক্তিসকল। লগতে উত্তৰ পূৰ্বাঞ্চলৰ পৰা প্ৰতিনিধিত্ব কৰা সাংসদ, মাননীয় ৰাজ্যপাল, উত্তৰ-পূব ভাৰতৰ কেবিনেট মন্ত্ৰী তথা অসংখ্য বিষয়া, অতিথি আৰু দৰ্শকৰ সমাবেশে অনুষ্ঠানটো জীপাল কৰি তোলে।

মহোৎসৱৰ উদ্বোধনী ভাষণত ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৱে এই উদ্যোগৰ প্ৰশংসা কৰি ৰাষ্ট্ৰপতি ভৱনৰ চৌহদৰ ভিতৰত উত্তৰ-পূব ভাৰতৰ সমৃদ্ধ সংস্কৃতিক একত্ৰিত কৰাৰ বাবে আয়োজকসকলক ধন্যবাদ জ্ঞাপন কৰে। সমান্তৰালভাৱে তেওঁ দেশৰ অন্য প্ৰান্তৰ নাগৰিকসকলক উত্তৰ-পূব ভাৰতৰ মনোমোহা বৈচিত্ৰ্যক আঁকোৱালি ল’বলৈ আৰু অন্বেষণ কৰিবলৈ আহ্বান জনায়।

উল্লেখ্য যে, উদ্যান উৎসৱ, ২০২৪ৰ অংশৰূপে ৰাষ্ট্ৰপতি ভৱনৰ চৌহদৰ অমৃত উদ্যানত আয়োজন কৰা এই মহোৎসৱখনি উত্তৰ-পূৰ্বাঞ্চলৰ উন্নয়ন মন্ত্ৰণালয়ে ইয়াৰ চি পি এছ চি, উত্তৰ-পূব হস্ততাঁত আৰু বস্ত্ৰশিল্প উন্নয়ন নিগম লিমিটেড (এনইএইচএইচডিচি)ৰ সহযোগত আয়োজন কৰিছিল। এই মহোৎসৱখনিত অংশগ্ৰহণকাৰী আৰু দৰ্শকৰ বাবে প্ৰৱেশ সম্পূৰ্ণ বিনামূলীয়া কৰা হৈছিল।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *