পুলৱামাত শ্বহীদ হোৱা জোৱানক শ্ৰদ্ধাঞ্জলি নৰেন্দ্ৰ মোদীৰ

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি ২০১৯ চনত পুলৱামাত তেওঁলোকৰ কনভয়ত সন্ত্ৰাসবাদীৰ আক্ৰমণত শ্বহীদ হোৱা চিআৰপিএফ জোৱানসকলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে আৰু কয় যে তেওঁলোকৰ ত্যাগ দেশে সদায় স্মৰণীয় কৰি ৰাখিব। ‘এক্স’ত এক পোষ্টত মোদীয়ে কয়, “পুলৱামাত শ্বহীদ হোৱা বীৰ জোৱানসকললৈ মই শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো। ৰাষ্ট্ৰৰ প্ৰতি তেওঁৰ সেৱা আৰু ত্যাগ সদায় স্মৰণীয় হৈ থাকিব।”‌

দক্ষিণ কাশ্মীৰৰ পুলৱামাত পাকিস্তানৰ পৃষ্ঠপোষকতাত সংঘটিত সন্ত্ৰাসবাদী আক্ৰমণত ৪০ জন চিআৰপিএফ জোৱান শ্বহীদ হৈছিল। এজন আত্মঘাতি বোমাৰুৱে এখন বিস্ফোৰক ভৰ্তি বাহন বাছখনত খুন্দা মৰাৰ ফলত সংঘটিত এক বিস্ফোৰণত ৪০ জন চিআৰপিএফ জোৱান শ্বহীদ হয়।

বাছখন জম্মুৰ পৰা শ্ৰীনগৰলৈ যোৱা এটা কনভয়ৰ অংশ আছিল। ইয়াৰ প্ৰত্যুত্তৰত ভাৰতীয় বায়ু সেনাই ২০১৯ চনৰ ২৬ ফেব্ৰুৱাৰীত পাকিস্তানৰ বালাকোটত সন্ত্ৰাসবাদী শিবিৰসমূহক লক্ষ্য কৰি বিমান আক্ৰমণ চলাইছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *