কৃষকৰ ‘দিল্লী চলো’ পদযাত্ৰাক লৈ দিল্লীত কটকটীয়া নিৰাপত্তা ব্যৱস্থা

কৃষক নেতা আৰু কেন্দ্ৰৰ মাজত আলোচনা অমীমাংসিত হোৱাৰ থকাৰ পিছত মঙলবাৰে কৃষকসকলৰ ‘দিল্লী চলো’ পদযাত্ৰা ৰাষ্ট্ৰীয় ৰাজধানীত প্ৰৱেশ কৰাত বাধা দিবলৈ বহুস্তৰীয় বেৰিকেড, কংক্ৰিট বেৰিকেড আৰু কণ্টেইনাৰ বেৰৰ সৈতে দিল্লীৰ সীমাত কটকটীয়া নিৰাপত্তা ব্যৱস্থা কৰা হৈছে।

ৰাষ্ট্ৰীয় ৰাজধানী – সিংগু, টিক্ৰি আৰু গাজীপুৰৰ তিনিটা সীমাত আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীক মোতায়েন কৰা হৈছে। এজন বিষয়াই কয় যে পদযাত্ৰাৰ প্ৰতি লক্ষ্য ৰাখি কিছু ঠাইত অস্থায়ী কাৰাগাৰ স্থাপন কৰা হৈছে। সংযুক্ত কিষাণ মৰ্চা (অ-ৰাজনৈতিক) আৰু কিষাণ মজদুৰ মৰ্চাই ঘোষণা কৰিছে যে কৃষকসকলে মঙলবাৰে শস্যৰ নিম্নতম সমৰ্থন মূল্য (এমএছপি) নিশ্চিত কৰাৰ বাবে আইন প্ৰণয়ন কৰাকে ধৰি তেওঁলোকৰ দাবীৰ ওপৰত কেন্দ্ৰক হেঁচা দিবলৈ দিল্লীলৈ যাত্ৰা কৰিব।

চণ্ডিগড়ত দুজন কেন্দ্ৰীয় মন্ত্ৰীৰ সৈতে তেওঁলোকৰ দাবীসমূহক লৈ হোৱা পাঁচ ঘণ্টাৰ বৈঠক অমীমাংসিত হোৱাৰ পিছত পদযাত্ৰা আৰম্ভ কৰাৰ ঘোষণা কৰে। সোমবাৰে, প্ৰতিবাদত যোগদান কৰিবলৈ পঞ্জাৱৰ বিভিন্ন প্ৰান্তৰ পৰা ট্ৰেক্টৰ-ট্ৰলী দিল্লীৰ দিশে আগমণ হৈছিল।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *