ন্যায় যাত্ৰাত ‘ডুপ্লিকেট’ ৰাহুল! নেটিজেনে বিচাৰি পালে ‘ডুপ্লিকেট’ হিমন্ত বিশ্ব শৰ্মাকো…

ভাৰত জোড়ো ন্যায় যাত্ৰাত দেখাজন প্ৰকৃত ৰাহুল গান্ধী নহয়৷ এইজন ৰাহুল গান্ধীৰ সৈতে মিল থকা অন্য এজন মানুহ৷ এইজনক ৰাহুল গান্ধী বুলি দেখুৱাই ৰাইজক ফাঁকি দিছে কংগ্ৰেছে৷ এই দাবী অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ৷ মুখ্যমন্ত্ৰীৰ এই দাবীৰ পাছতে নেটিজেনে হাঁহিৰ খোৰাক পোৱাত বিষয়টোৱে সামাজিক মাধ্যমত ব্যাপক চৰ্চা লাভ কৰিছে৷ একাংশ লোকে হিমন্ত বিশ্ব শৰ্মাৰো ডুপ্লিকেট বিচাৰি পাইছে৷

পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী নৱাজ শ্বৰীফৰ সৈতে হিমন্ত বিশ্ব শৰ্মাৰ মিল দেখিছে নেটিজেনে৷ এক্সত অজ্ঞাত একাউণ্টৰ পৰা নৱাজ শ্বৰীফক হিমন্ত বিশ্ব শৰ্মাৰ ডুপ্লিকেট বুলি অভিহিত কৰি ফটো শ্বেয়াৰ কৰাও দেখা গৈছে৷ ১৪ জানুৱাৰীত মণিপুৰত আৰম্ভ ভাৰত জোড়ো ন্যায় যাত্ৰাই ১৮ জানুৱাৰীত অসমত প্ৰৱেশ কৰিছিল৷

শিৱসাগৰ জিলাৰ সীমান্তৰে অসমত প্ৰৱেশ কৰা ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাক আক্ৰমণ কৰি সৰৱ হৈছিল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা৷ তীৰ্যক বাক্যবানেৰে আক্ৰমণ কৰাই নহয়, গান্ধীক গুৱাহাটীত প্ৰৱেশ কৰিব নিদিয়াৰ লগতে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰাৰো ধমক দিছিল মুখ্যমন্ত্ৰীয়ে৷ বৰ্তমান অসমৰ মাজেৰে ন্যায় যাত্ৰা পাৰ হৈ পশ্চিমবংগত প্ৰৱেশ কৰিছে৷ তাৰ পাছতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ডুপ্লিকেট ৰাহুল গান্ধীৰ বিষয়টো উত্থাপন কৰিছে৷

ৰাহুল গান্ধীৰ ন্যায় যাত্ৰাত বাছৰ ভিতৰত ‘ডুপ্লিকেট’ ৰাহুল গান্ধী আছিল৷ এই হাস্যস্পদ অভিযোগ উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই৷ ৰাষ্ট্ৰীয় সংবাদমাধ্যমত প্ৰকাশ পোৱা এটা বাতৰিৰ আলম লৈ কংগ্ৰেছক আক্ৰমণ কৰি মুখ্যমন্ত্ৰীয়ে দাবী কৰা মতে, ন্যায় যাত্ৰাত দেখি থকাজন প্ৰকৃত ৰাহুল গান্ধী নহয়৷ সেইজন ডুপ্লিকেটহে৷ ডুপ্লিকেট জনকে গাড়ীৰ সন্মুখত বহুৱাই ৰাখিছিল আৰু সেইজনকে দেখা গৈছিল৷ হিমন্ত বিশ্ব শৰ্মাৰ এই দাবীৰ পিছতে অট্টহাস্য কৰিছে কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া শ্ৰীনেটে৷ কংগ্ৰেছে নেত্ৰী সুপ্ৰিয়া শ্ৰীনেটে প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় ‘শীঘ্ৰে চিকিৎসকক দেখুৱাওক৷ যাত্ৰাৰ পাৰ্শ্বক্ৰিয়া ভাল দেখা নাই৷ ন্যায় যাত্ৰা বৃহৎ সফল হ’ল৷’

আনহাতে, কংগ্ৰেছ সাংসদ গৌৰৱ গগৈয়ে হিমন্ত বিশ্ব শৰ্মাক আক্ৰমণ কৰি তেওঁক শীঘ্ৰে স্বাস্থ্য পৰীক্ষা কৰাবলৈ পৰামৰ্শ দিছে৷ আনহাতে, কৰ্ণাটক কংগ্ৰেছে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক গুৱাহাটীৰ পৰা বাংগালুৰুলৈ যাবৰ বাবে বিমানৰ টিকট প্ৰেৰণ কৰিব বুলি ইতিকিং কৰে৷ কৰ্ণাটক কংগ্ৰেছে চিকিৎসাৰ বাবে বিশ্ববিখ্যাত মানসিক চিকিৎসালয় নেশ্যনেল ইনষ্টিটিউট অৱ মেণ্টেল হেলথ এণ্ড চায়েন্সত এখন বিচনা সংৰক্ষণ কৰি ৰাখিছে বুলিও কয়। মুখ্যমন্ত্ৰীৰ স্বাস্থ্যৰ বাবে আমিও চিন্তিত বুলিও কয় কংগ্ৰেছে।

উল্লেখ্য যে, ৰাকেশ কূশ্বৱাহা নামৰ এজন যুৱকক ৰাহুল গান্ধীৰ সৈতে প্ৰায়ে দেখা যায়৷ ৰাকেশ কুশ্বৱাহা দেখাত ৰাহুল গান্ধীৰ দৰেই৷ ভাৰত জোড়ো যাত্ৰা আৰু ন্যায় যাত্ৰাত ৰাকেশ কুশ্বৱাহাই ৰাহুল গান্ধীৰ লগতে আছিল৷ সময়ে সময়ে বাছৰ ভিতৰত ৰাকেশ কুশ্বৱাহাকো দেখা গৈছিল৷ ইফালে মুখ্যমন্ত্ৰীক বহু নেটিজেনে প্ৰশ্ন কৰি কয় যে হাঁড় কপোৱা জাৰত ৰাহুল গান্ধীয়ে হাফ টি-শ্বাৰ্টেৰে ঘূৰি ফুৰা ৰাহুল গান্ধীয়ে বাছৰ ভিতৰত যাত্ৰা কৰিব নোৱাৰা বুলি হিমন্ত বিশ্ব শৰ্মাই ভবাটো হাস্যকৰ।

By Pankaj

Leave a Reply

Your email address will not be published. Required fields are marked *