ঘোচ কাণ্ড! ১০ হাজাৰ টকাৰ উৎকোচ লৈ গ্ৰেপ্তাৰ এছ আই ছাৰ…

ৰাজ্যত পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ হ’ল আন এজন খাকী পোছাকধাৰী।

অভিযোগকাৰীৰ গাড়ী মুকলি কৰি দিয়াৰ বাবে ১০ হাজাৰ টকাৰ ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ জালত পৰে চিৰাং জিলাৰ ঢালিগাঁও টাউন আউটপোষ্টৰ উপ-পৰিদৰ্শক (ইউবি) চিণ্টু দাস।

মঙলবাৰে দুৰ্নীতি নিবাৰক শাখাৰ দলে অভিযান চলাই আৰক্ষী বিষয়াজনক গ্ৰেপ্তাৰ কৰি তেওঁৰ পৰা উদ্ধাৰ কৰে অভিযোগকাৰীৰ পৰা ঘোচ হিচাপে লোৱা ধন।

ইতিমধ্যে অভিযুক্তৰ বিৰুদ্ধে গোচৰ ৰুজু কৰি অধিক তদন্ত অব্যাহত ৰখা হৈছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *