আকৌ ঘোচকাণ্ড! উৎকোচ লৈ গ্ৰেপ্তাৰ ২ চৰকাৰী কৰ্মচাৰী…

শুকুৰবাৰে ভিজিলেন্সৰ এটা দলে দুটা পৃথক অভিযানত উৎকোচৰ অভিযোগত গ্ৰেপ্তাৰ কৰে দুজন চৰকাৰী বিষয়াক।

খবৰ অনুসৰি কামৰূপ জিলাৰ চমৰীয়া ৰাজহ চক্ৰত প্ৰথমে অভিযান চলায় দুৰ্নীতি নিবাৰক শাখাই। এই অভিযানৰ সময়ত কাৰ্যালয়টোত ঘোচ লোৱাৰ সময়তে হাতে লোটে গ্ৰেপ্তাৰ হয় প্ৰদীপ কলিতা নামৰ ঘোচখোৰ চৰকাৰী কৰ্মচাৰীজন।

এটা পট্টাত নাম শুধৰণিৰ বাবে অভিযোগকাৰীৰ পৰা প্ৰদীপে নিজৰ কাৰ্যালয়ত দাবী কৰা উৎকোচ গ্ৰহণ কৰাৰ সময়তে কৰা হয় গ্ৰেপ্তাৰ।

আনহাতে দ্বিতীয়টো অভিযানৰ সময়ত অভিযোগকাৰীৰ বিল মুকলি কৰাৰ বাবদ উৎকোচ লৈ গ্ৰেপ্তাৰ হয় গোৱালপাৰাৰ জিলা কৃষি বিষয়া বুধেশ্বৰ দাস।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *