আঠ বছৰীয়া গ্লবেল পাৰ্টনাৰশ্বিপ ঘোষণা কৰি আনন্দিত আইচিচি আৰু কোকা-কোলা

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট পৰিষদ (আইচিচি) আৰু কোকা-কোলাই ২০৩১ চনৰ শেষলৈকে ক্ৰিকেটৰ তিনিওটা ফৰ্মেটতে আইচিচি ৱৰ্ল্ডৰ প্ৰতিযোগিতাসমূহক সামৰি ৮ বছৰীয়া গ্লবেল পাৰ্টনাৰশ্বিপ(গোলকীয় অংশীদাৰিত্ব)ৰ কথা ঘোষণা কৰি আনন্দিত হৈছে। আইচিচিৰ মুখ্য কাৰ্যালয়ত এক বিশেষ অনুষ্ঠানত চুক্তি স্বাক্ষৰৰ লগে লগে এক ঐতিহাসিক মাইলৰ খুঁটি হিচাপে চিহ্নিত হৈছে, কিয়নো এই চুক্তিয়ে কোকা-কোলাৰ ক্ৰীড়াৰ প্ৰতি নিজৰ সমৰ্পণ আৰু আইচিচিৰ বাবে গোলকীয় অংশীদাৰ হিচাপে নিজৰ আঠ বছৰীয়া অংশীদাৰিত্ব নিশ্চিত কৰিলে, লগতে প্ৰতিষ্ঠা কালৰে পৰা প্ৰথমবাৰলৈ অভিলেখসংখ্যক ১৩ বছৰ(২০১৯-২০৩১)ৰ বাবে কোনো এটা বিশেষ প্ৰতিষ্ঠানৰ সৈতে অংশীদাৰিত্বত স্বাক্ষৰ কৰিছে।

২০৩১ৰ শেষলৈকে আইচিচি ক্ৰিকেট বিশ্বকাপ, আইচিচি টি-২০ বিশ্বকাপ আৰু আইচিচি চেম্পিয়নছ ট্ৰফীকে ধৰি সকলো ডাঙৰ আৰু প্ৰধান আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ইভেণ্টসমূহৰ বাবে এক্সক্লুছিভ সুৰা-বিহীন অংশীদাৰ হ’বলৈ সাজু হৈছে। এই অংশীদাৰিত্বৰ জৰিয়তে প্ৰতি বছৰে প্ৰধান আন্তঃৰাষ্ট্ৰীয় খেল আৰু প্ৰতি দুবছৰত অনুষ্ঠিত বিশ্ব টেষ্ট চেম্পিয়নশ্বিপৰ ফাইনেলো অন্তৰ্ভুক্ত থাকিব। এই বিষয়ে আইচিচিৰ মুখ্য বাণিজ্যিক বিষয়া অনুৰাগ দাহিয়াই কয় যে: “এই অংশীদাৰিত্বই কেৱল আমাৰ ক্ৰীড়াৰ সম্প্ৰসাৰণক উদযাপন কৰাই নহয়, বিশ্বজুৰি আমাৰ অনুৰাগীৰ অভিজ্ঞতা বৃদ্ধিৰ বাবে অভিনৱ আৰু উদ্ভাৱনীমূলক সুযোগৰ প্ৰতিশ্ৰুতিও দিয়ে।”

আনহাতে এই অংশীদাৰিত্বৰ বিষয়ে কোকা-কোলা কোম্পানীৰ গ্ল’বেল স্প’ৰ্টছ এণ্ড এণ্টাৰটেইনমেণ্ট মাৰ্কেটিং এণ্ড পাৰ্টনাৰশ্বিপ বিভাগৰ উপাধ্যক্ষ ব্ৰেডফৰ্ড ৰছে কয় যে, “আমি আমাৰ বৈচিত্ৰ্যময় পৰ্টফলিঅ’ৰ জৰিয়তে গ্ৰাহকসকলক আনন্দিত কৰি ৰখাৰ চেষ্টা অব্যাহত ৰাখিছো আৰু অনুৰাগীসকলৰ বাবে অনন্য অভিজ্ঞতা সৃষ্টি কৰিবলৈ প্ৰয়াস কৰিছো।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *