ইউপিৰ এটা বিশেষ অৰ্ডাৰ লাভ কৰিছে টাটা মটৰ্ছে

দেশৰ সৰ্ববৃহৎ বাণিজ্যিক বাহন নিৰ্মাণ প্ৰতিষ্ঠান টাটা মটৰ্ছে উত্তৰ প্ৰদেশ ৰাজ্যিক পথ পৰিবহণ নিগমৰ (ইউপিএছআৰটিচি) পৰা ১,৩৫০খন টাটা এলপিঅ’ ১৬১৮ ডিজেল বাছ চেচিছ ইউনিট যোগান ধৰাৰ বাবে এক ঐতিহাসিক আৰু গুৰুত্বপূৰ্ণ অৰ্ডাৰ লাভ কৰিছে।

টাটা এলপিঅ’ ১৬১৮ক আন্তঃচহৰ আৰু দীৰ্ঘ দূৰত্বৰ ভ্ৰমণৰ বাবে ডিজাইন কৰা হৈছে, বিএছ৬ নিৰ্গমন প্ৰট’কলৰ সৈতে মিল থকা আৰু উৎকৃষ্ট প্ৰদৰ্শন, যাত্ৰীক আৰাম আৰু মালিকীস্বত্বৰ মুঠ খৰচ (টিচিঅ’)ৰ ভিতৰত সৰ্বোত্তম বুলি পৰিগণিত এই বাহন। চৰকাৰী নিবিদা প্ৰক্ৰিয়াৰ জৰিয়তে প্ৰতিযোগিতামূলক ই-বিডিং প্ৰক্ৰিয়াৰ জৰিয়তে এই অৰ্ডাৰ লাভ কৰিছে আৰু পৰ্যায়ক্ৰমে বাছৰ চেছিছসমূহ যোগান ধৰা হ’ব।

সমগ্ৰ ভাৰতৰ বিভিন্ন ৰাজ্যৰ চহৰসমূত টাটা মটৰ্ছে উন্নত বাছ আৰু ৰাজহুৱা পৰিবহণৰ আকৰ্ষণীয় দ্ৰুত সমাধান প্ৰদান কৰি আহিছে, লগতে একাধিক ৰাজ্যিক আৰু ৰাজহুৱা পৰিবহণ প্ৰতিষ্ঠানলৈ ৫৮,০০০ৰো অধিক বাছ যোগান ধৰিছে। শেহতীয়াকৈ ছৰ চেছিছৰ আধুনিক ফ্লীট(বহৰ) যোগান ধৰাৰ সুযোগ প্ৰদান কৰাৰ বাবে উত্তৰ প্ৰদেশ ৰাজ্য চৰকাৰ আৰু ইউপিএছআৰটিচিক বা কৃতজ্ঞতা প্ৰকাশ কৰে টাটা মটৰ্ছৰ চিভি পেচাঞ্জাৰ্ছৰ উপাধ্যক্ষ তথা ব্যৱসায়িক মুৰব্বী ৰোহিত শ্ৰীবাস্তৱে।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *