মেগীয়ে আৰম্ভ কৰিছে “মেগী অপনা ফুড বিজনেছ” পদক্ষেপ

মেগীয়ে নিজৰ অনন্য পদক্ষেপৰ শেহতীয়া সংস্কৰণ ‘মেগী অপনা ফুড বিজনেছ’ মুকলি কৰিবলৈ পাই উৎফুল্লিত হৈ পৰিছে। এই সংস্কৰণে এক নতুন অধ্যায়ৰ ইংগিত দিছে কিয়নো মেগীয়ে সমগ্ৰ দেশতে উদীয়মান ঘৰুৱা ৰান্ধনীসকলক সহায় কৰিবলৈ প্ৰস্তুতি চলাইছে। মেগীৰ লক্ষ্য হৈছে উচ্চাকাংক্ষী, প্ৰতিভাৱান কণ্টেণ্ট ক্ৰিয়েটৰ(সমল সৃষ্টিকৰ্তা)ক সফল ৰান্ধনী কণ্টেণ্ট ক্ৰিয়েটৰ হ’বলৈ প্ৰয়োজনীয় দক্ষতা আৰু জ্ঞানেৰে শক্তিশালী কৰি তোলা।

ইয়াৰ উপৰিও বিজয়ীসকলে নিজৰ অনলাইন ফুড চেনেল মুকলি কৰিবলৈ ৫ লাখ টকাৰ বীজ মূলধন(ছীড কেপিটেল) লাভৰ সুযোগ পাব।একেৰাহে চাৰি দশক ধৰি ভাৰতৰ এক বিশ্বস্ত অংশীদাৰ মেগীয়ে উদীয়মান চেফ(ৰান্ধনী)সকলৰ মাজত ৰন্ধন কৌতূহল বৃদ্ধি কৰিছে। লাখ লাখ গৃহিণী আৰু খাদ্যপ্ৰেমী বা উদ্যোগীয়ে অসাধাৰণ ব্যঞ্জন সৃষ্টিৰ সমান্তৰালভাৱে মেগী অপনা ফুড বিজনেছে মানুহক খাদ্য সমল সৃষ্টিকৰ্তা(কণ্টেণ্ট ক্ৰিয়েটৰ) হ’বলৈ এখন মঞ্চ প্ৰদান কৰে।

পঞ্জীয়নকাৰী ব্যক্তিসকলে অত্যাৱশ্যকীয় সঁজুলি আৰু নিৰ্দেশনাৰ সৈতে এটা ষ্টাৰ্টাৰ কিটো লাভ কৰে, যাৰ ফলত খাদ্য সামগ্ৰী সৃষ্টিৰ ক্ষেত্ৰখনলৈ এক সফল যাত্ৰা নিশ্চি হয়। এই পদক্ষেৰ সন্দৰ্ভত মন্তব্য কৰি নেচলে ইণ্ডিয়াৰ ফুড বিজনেছৰ ডাইৰেক্টৰ ৰজত জৈনে কয় যে, “আমি আমাৰ অংশীদাৰসকলক ধন্যবাদ জনাইছো: ইণ্ডিয়া ফুড নেটৱৰ্ক আৰু ভাৰতৰ কেইবাজনো ফুড ইনফ্লৱেঞ্চাৰ বা প্ৰভাৱশালী পৰিৱেশক কবিতা সিং (কবিতাছ কিচেন), মধুৰা বচল (মধুৰাছ ৰেচিপি), তেজা পাৰুচুৰী (ভিস্মাই ফুডছ), আৰু তানহিশিখা মুখাৰ্জী(তানহিৰা পক্ষলা)য়ে এই প্ৰচেষ্টাত যোগ দিছে।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *