ৰূপহীহাটত সংঘটিত হৈছে তিনিটাকৈ ভয়ংকৰ দুৰ্ঘটনা।
ৰূপহীহাটৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ সন্মূখত সংঘটিত এই দুৰ্ঘটনা।
ৰূপহী অভিমূখে আহি থকা মেজিক বাহন এখনে নিয়ন্ত্ৰণ হেৰুৱাই ৰূপহী স্থিত টাৱাৰ এখনৰ খুটিত খুন্দা মৰাত ডলি পৰে টাৱাৰ খন নগাওঁ-নলতলি ৰাজ্যিক ঘাইপথৰ উপৰত।
লগে লগে শ শ বাহন আবদ্ধ হৈ পৰে নগাওঁ-নলতলি ৰাজ্যিক ঘাইপথ চোৱাত।
মেজিক বাহন খনে টাৱাৰৰ খুটিত খুন্দা মৰাৰ পিছতে টাৱাৰ খন ডলি পৰে বাইক এখনৰ ওপৰত।
ইফালে দুৰ্ঘটনাত টাৱাৰ ডলি পৰাৰ পিছতেই বিদ্যুতৰ তাৰ চিঙি যোৱাত সমগ্ৰ ৰূপহীহাটত বিদ্যুৎ বিচ্ছিন্ন হৈ পৰে।
দুৰ্ঘটনা সংঘটিত কৰা মেজিক বাহন খনৰ নম্বৰ হৈছে AS 02DC 4084।
এই পথ দুৰ্ঘটনাত কেইবাজনো লোক গুৰুত্বৰ বাবে আহত হৈছে আঘাতপ্ৰাপ্ত লোক কেইজনক নগাওঁ মেডিকেল কলেজত ভৰ্তি কৰোৱা হয়।
ঘটনাস্থলীত ৰূপহীহাট আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰে তদন্ত।
