হৃদযন্ত্ৰৰ চিকিৎসা উন্নত কৰাৰ বাবে অংশীদাৰিত্ব কৰিছে কলকাতা হাৰ্ট লাং চেণ্টাৰ আৰু হাৰ্টনেট ইণ্ডিয়াই

পশ্চিম বংগ আৰু পূব ভাৰতৰ হৃদৰোগ স্বাস্থ্যসেৱা সেৱা উন্নত কৰাৰ বাবে হাৰ্টনেট ইণ্ডিয়া আৰু কলকাতা হাৰ্ট লাং চেণ্টাৰে অংশীদাৰিত্ব কৰিছে। এই অংশীদাৰিত্বৰ উদ্দেশ্য হৈছে অঞ্চলটোত হৃদযন্ত্ৰৰ ৰোগ প্ৰতিৰোধৰ ওপৰত গুৰুত্ব আৰোপ কৰাৰ লগতে উন্নত হৃদযন্ত্ৰৰ যত্ন আৰু আন্তঃগাঁথনি প্ৰদান কৰা। চিভিডি আগতীয়াকৈ চিনাক্ত কৰা আৰু তৎক্ষণাৎ চিকিৎসা আৰম্ভ কৰাৰ বাবে নিয়মীয়া স্ক্ৰীণিং কাৰ্যসূচী ৰূপায়ণ কৰাই হৈছে এই অংশীদাৰিত্বৰ লক্ষ্য, যাৰ ফলত পূব ভাৰতত মৃত্যুৰ হাৰ হ্ৰাস কৰিব বুলি আশা কৰা হৈছে।

দুয়োটা প্ৰতিষ্ঠানে স্বাস্থ্যসেৱাৰ আন্তঃগাঁথনি বৃদ্ধি আৰু চিকিৎসা সেৱাৰ প্ৰৱেশাধিকাৰ উন্নত কৰাৰ পৰিকল্পনা কৰিছে, যাতে ৰোগী আৰু পৰিয়ালৰ ওপৰত বোজা হ্ৰাস হয়। এই সহযোগিতাৰ ফলত চিভিডিৰ বোজা হ্ৰাস হোৱাৰ লগতে সকলোৰে বাবে এক স্বাস্থ্যকৰ ভৱিষ্যত নিশ্চিত কৰাৰ সম্ভাৱনা আছে।

হৃদযন্ত্ৰৰ চিকিৎসাৰ ক্ষেত্ৰত কলকাতাৰ চিএমচি আৰু চণ্ডীগড়ৰ পিজিআইৰ প্ৰাক্তন ছাত্ৰ ডাঃ সুনীপ বেনাৰ্জীয়ে এই অংশীদাৰিত্বৰ জৰিয়তে চাৰি দশকৰ নিজৰ ক্লিনিকেল(নিদানিক) উৎকৃষ্টতা কঢ়িয়াই আনিছে। ডাঃ সুনীপ বেনাৰ্জীৰ দৃষ্টিভংগীয়ে অস্ত্ৰোপচাৰবিহীন পদ্ধতি, নূন্যতম আক্ৰমণাত্মক(ইনভেছিভ) প্ৰক্ৰিয়া আৰু হৃদৰোগ আৰু পালমোনাৰী ৰোগীৰ বাবে সামগ্ৰিক চিকিৎসা পৰিকল্পনাৰ ওপৰত গুৰুত্ব আৰোপ কৰিছে। এই বিষয়ে কেএইচএলচিৰ প্ৰতিষ্ঠাপক-চিইঅ’ আৰু মুখ্য হৃদৰোগ বিশেষজ্ঞ ডাঃ সুনীপ বেনাৰ্জীয়ে কয় যে, “হাৰ্টনেট ইণ্ডিয়াৰ সৈতে আমাৰ শেহতীয়া সম্পৰ্কই আমাক জনসাধাৰণৰ ওচৰলৈ যোৱাত আৰু চিভিডি সম্পৰ্কে সজাগতা বিয়পোৱাত সহায় কৰিব, লগতে প্ৰতিৰোধমূলক ব্যৱস্থাৰ জৰিয়তে নিৰ্দেশনা প্ৰদান কৰিব আৰু সুলভ মূল্যত গুণগত মানসম্পন্ন স্বাস্থ্যসেৱা প্ৰদান কৰিব।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *