ৰাজস্থানৰ দৌছা জিলাত সোমবাৰে পুৱা এখন বাছ পথৰ পৰা আঁতৰি ৰে’লপথত বাগৰি পৰাত চাৰিজন লোকৰ প্ৰাণহানি হোৱাৰ লগতে কেইবাজনো লোক আহত হয়।
আৰক্ষীৰ প্ৰতিবেদন অনুসৰি হৰিদ্বাৰৰ পৰা উদয়পুৰলৈ ৩০ জনতকৈ অধিক যাত্ৰী কঢ়িয়াই অনা বাছখন পুৱা ২:১৫ বজাত দৌছা কালেক্টৰেটৰ সমীপৰ অভাৰব্ৰিজৰ পৰা ৰেলপথত বাগৰি পৰে। দুৰ্ঘটনাৰ পিছত ২৮জন যাত্ৰীক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হয়।
ইয়াৰে চাৰিজনে আঘাতপ্ৰাপ্ত হৈ মৃত্যুবৰণ কৰে। বাকী যাত্ৰীসকলে সম্প্ৰতি চিকিৎসা সেৱা গ্ৰহণ কৰি আছে। দৌছাৰ অতিৰিক্ত জিলা দণ্ডাধীশ ৰাজকুমাৰ কাছৱাই তদন্তৰ বাবে দুৰ্ঘটনাস্থলীলৈ এছডিএমক প্ৰেৰণ কৰিছে।