কাজিৰঙাত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ৷ দুৰ্ঘটনাত পোনা বাউৰী নামৰ এগৰাকী বনকৰ্মী আহত হয় ৷কাজিৰঙাৰ হাতীখুলিৰ বনশিবিৰলৈ চাইকেলেৰে গৈ থকা অৱস্থাত শনিবাৰে নিশা প্ৰায় ৯-৩০ বজাত ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙাজানত এখন মটৰচাইকেলে বনকৰ্মীজনক খুন্দা মাৰে ৷ ফলত ছিটিকি পৰি আহত হয় বনকৰ্মীজন ৷
