গাজাৰ হাস্পতালৰ পিছত এইবাৰ গীৰ্জাত বিস্ফোৰণ, মহিলা আৰু কিশোৰীৰ মৃত্যু

ইজৰাইল-হামাছ যুদ্ধৰ মাজতে গাজাৰ চিকিৎসালয়ত হোৱা বৃহৎ আক্ৰমণৰ পিছত এইবাৰ এটা গীৰ্জাতো সংঘটিত হ’ল বিস্ফোৰণৰ ঘটনা।

গীৰ্গাত সংঘটিত বিস্ফোৰণত এগৰাকী কিশোৰী আৰু এগৰাকী মহিলাৰ মৃত্যু ঘটা বুলি খবৰ প্ৰকাশ পাইছে।

পেলেষ্টাইনে নিশ্চিত কৰে এই মৃত্যু আৰু আক্ৰমণ।

বিস্ফোৰণৰ পিছতে গীৰ্জাঘৰত হুলস্থুলীয়া পৰিৱেশৰ সৃষ্টি হয়।

বিস্ফোৰণত আহতসকলক লগে লগে চিকিৎসালয়লৈ লৈ যোৱা হয়।

এই আক্ৰমণৰ পিছতে স্তম্ভিত হৈ পৰিছে গাজাবাসী। এই সন্দৰ্ভত হামাছেও এক বিবৃতি প্ৰকাশ কৰি ইজৰাইলৰ সেনাই গীৰ্জাটোক লক্ষ্য কৰি লোৱাৰ অভিযোগ উত্থাপন কৰিছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *