এফএমএছচিআইৰ সহযোগত চিইএটি আইএছআৰএলে ৮৫গৰাকী গ্ল’বেল ছুপাৰক্ৰছ তাৰকাৰ এক আকৰ্ষণীয় সূচী প্ৰকাশ কৰিছে

ফেডাৰেচন অৱ মটৰ স্প’ৰ্টছ ক্লাবছ অৱ ইণ্ডিয়া(এফএমএছচিআই)ৰ সৈতে অংশীদাৰিত্বৰে চিইএটি ইণ্ডিয়ান ছুপাৰক্ৰছ ৰেচিং লীগে উদ্বোধনী ছিজনৰ বাবে ৮৫গৰাকী গ্লবেল ছুপাৰক্ৰছ তাৰকা আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিভাৰ এক অভূতপূৰ্ব সমাৱেশৰ কথা ঘোষণা কৰি আনন্দিত হৈছে। প্ৰখ্যাত ৰাইডাৰসকলৰ এই উল্লেখযোগ্য সমাৱেশে চিজন ৱানক মটৰস্পৰ্ট উৎসাহী আৰু অনুৰাগীসকলৰ বাবে এক মন্ত্ৰমুগ্ধকৰ আৰু অবিস্মৰণীয় অভিজ্ঞতা প্ৰদানৰ প্ৰতিশ্ৰুতি দিছে।

আমেৰিকা, স্পেইন, ফ্ৰান্স, থাইলেণ্ড, ইণ্ডোনেছিয়া, জাৰ্মানী, ছুইডেন, দক্ষিণ আফ্ৰিকা, অষ্ট্ৰেলিয়াৰ লগতে ভাৰতৰ গ্লবেল ছুপাৰক্ৰছ তাৰকা আৰু আন্তঃৰাষ্ট্ৰীয় প্ৰতিভাধৰ আৰু চেম্পিয়ন ৰাইডাৰসকলে নিলামৰ বাবে পঞ্জীয়ন কৰিছে। দক্ষিণ আফ্ৰিকাৰ এন্থনি ৰেনাৰ্ড, ২০২২ প্ৰিন্স অৱ পেৰিছ গ্ৰেগৰী আৰাণ্ডা আৰু থমাছ ৰমেটে ৪৫০চিচি আন্তঃৰাষ্ট্ৰীয় ৰাইডাৰ নিলামত অংশ লৈছে। স্পেইন ৰিজ’নেল চেম্পিয়ন গিলেন আলবিছুৱা ফুয়েণ্টছ, অষ্ট্ৰেলিয়াৰ কেলেব গৌলেট আৰু আমেৰিকাৰ ব্লেক এছলেই ২৫০চিচি আন্তঃৰাষ্ট্ৰীয় ৰাইডাৰ নিলামৰ বাবে পঞ্জীয়ন কৰিছে। ভাৰতৰ ৰাষ্ট্ৰীয় চেম্পিয়ন ৰুগভেদ বৰগুজে, ইণ্ডোনেছিয়া চেম্পিয়ন আনন্দ ৰিগী আদিত্য আৰু থাইলেণ্ড চেম্পিয়ন বেন প্ৰছিত হলগ্ৰেনে ২৫০ চিচি ইণ্ডিয়া-এছিয়া মিক্স ৰাইডাৰ নিলামত ভাগ লৈছে।

সমগ্ৰ পৃথিৱীৰ ৰাইডাৰসকলৰ সঁহাৰিৰ বিষয়ে উল্লেখ কৰি চিইএটি ইণ্ডিয়ান চুপাৰক্ৰছ ৰেচিং লীগৰ সঞ্চালক আৰু সহ-প্ৰতিষ্ঠাপক ঈশান লোখাণ্ডে কয় যে, “এই লীগত ভাৰতীয় ৰাইডাৰসকলৰ দক্ষতাৰ প্ৰমাণ হ’ব আৰু আমি ইয়াক এক গোলকীয় পৰিঘটনা(ফেনমেনন) হিচাপে গঢ়ি তুলিবলৈ সংকল্পবদ্ধ।”

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *