টাটা মটৰ্ছৰ কৰ্তৃত্বপ্ৰাপ্ত ডিলাৰশ্বিপে গুৱাহাটীত আগবঢ়াইছে ইজচাৰ্ভ চাৰ্ভিছ প্ৰগ্ৰাম

টাটা মটৰ্ছে গুৱাহাটীত আৰম্ভ কৰিছে ইজচাৰ্ভ প্ৰগ্ৰাম, যি হৈছে দুচকীয়া বাহন ভিত্তিক সেৱা। এই কাৰ্যসূচীৰ অধীনত গ্ৰাহকসকলক দুৱাৰমুখতে এক নিৰাপদ, সুবিধাজনক, আৰু দ্ৰুত সেৱাৰ অভিজ্ঞতা প্ৰদান কৰে, য’ত প্ৰাথমিক মেৰামতি আৰু সহজ সমাধান আগবঢ়োৱা হয়। উৎকৰ্ষ মট’টেক প্ৰাইভেট লিমিটেড আৰু মাৰৱেট পেট্ৰ’লিয়াম এজেঞ্চীয়ে গুৱাহাটীত দুখন ইজচাৰ্ভ বাইকৰ জৰিয়তে ২০২৩ চনৰ এপ্ৰিল মাহৰ পৰা ৪০০ৰো অধিক গ্ৰাহকক ঘৰলৈ গৈ সৰু বা সাধাৰণ মেৰামতি, আউটষ্টেচন চেক-আপ, ব্ৰেকডাউন এটেনচন, বাহন চেনিটাইজেচন অথবা ফৱাম ৱাশ্ব বা পৰিষ্কাৰৰ ব্যৱস্থা কৰিছে।

ইজচাৰ্ভ সেৱাৰ জৰিয়তে গ্ৰাহকৰ সময় আৰু কষ্ট ৰাহি কৰিবলৈ প্ৰস্তুত কৰা হৈছে, যিয়ে বাহনত সেৱা আৰু মেৰামতিৰ কামৰ বাবে এক বিস্তৃত কিট আগবঢ়ায়। এই সেৱাত ফাইবাৰ ৰিইনফৰ্চড প্লাষ্টিক (এফ আৰ পি)ৰে নিৰ্মিত তিনিটা ইউটিলিটি বক্স আছে আৰু ইয়াত স্পেয়াৰ পাৰ্টছ, লুব, ব্যৱহাৰযোগ্য সামগ্ৰী, এটা ভেকুৱাম ক্লিনাৰ, এটা ইক’-ৱাছ কিট, এটা জেক এণ্ড জেক ষ্টেণ্ড আৰু বহুতো হেণ্ড টুল অন্তৰ্ভুক্ত কৰা হৈছে।

টাটা মটৰ্ছৰ ডিলাৰশ্বিপসমূহে ইজচাৰ্ভৰ বাবে ইন-হাউছ টেকনিচিয়ানসকলক প্ৰশিক্ষণ দিয়ে, ডায়েগনচিছ এক্সপাৰ্ট টেকনিচিয়ান(ডিইটি) আৰু কাষ্টমাৰ ৰিলেচন মেনেজাৰ(চিআৰএম)ৰ পৰা প্ৰশিক্ষণ লয় যাতে তেওঁলোকৰ কাৰিকৰী জ্ঞান আৰু ছফ্ট স্কিল বৃদ্ধি হয়। ইজচাৰ্ভ বাইক এখন এজন ছিনিয়ৰ টেকনিচিয়ানৰ দ্বাৰা পৰিচালিত হয় আৰু এজন ছিনিয়ৰ এডভাইজৰ(এছএ) আৰু চিআৰএমৰ দ্বাৰা সমৰ্থিত।

By Business Bureau

Leave a Reply

Your email address will not be published. Required fields are marked *