জিঅ’ মামি মুম্বাই চলচ্চিত্ৰ মহোৎসৱে ২০২৩ চনৰ কাৰ্যসূচী ঘোষণা কৰিছে। অহা ২৭ অক্টোবৰৰ পৰা ৫ নৱেম্বৰলৈকে ২৫০খনতকৈও অধিক চলচ্চিত্ৰ প্ৰদৰ্শন কৰা হ’ব এই মহোৎসৱত। এই ফিল্ম ফেষ্টিভেলত ৪০ৰো অধিক ৱৰ্ল্ড প্ৰিমিয়াৰ, ৪৫খন এছিয়া প্ৰিমিয়াৰ আৰু ৭০+ দক্ষিণ এছিয়া প্ৰিমিয়াৰ অনুষ্ঠিত হ’ব। লগতে দক্ষিণ এছিয়া কাৰ্যসূচীৰ বাবে ১০০০+ ছাবমিছনে(আৱেদন জমা দিয়া) নতুন অভিলেখ সৃষ্টি কৰিছে। দক্ষিণ এছিয়াৰ সমসাময়িক চলচ্চিত্ৰ আৰু নতুন চলচ্চিত্ৰ কণ্ঠক প্ৰদৰ্শন কৰাই হৈছে এই মহোৎসৱৰ লক্ষ্য।
মহোৎসৱত তলত উল্লেখ কৰা মূল কেটেগৰীসমূহ ঘোষণা কৰা হ’ব – প্ৰতিযোগিতা আৰু অ-প্ৰতিযোগিতা। এই বছৰৰ মহোৎসৱত মূল প্ৰতিযোগিতা হৈছে দক্ষিণ এছিয়া প্ৰতিযোগিতা, যাৰ উদ্দেশ্য হৈছে সমসাময়িক দক্ষিণ এছিয়াৰ সফল চলচ্চিত্ৰসমূহ প্ৰদৰ্শন কৰা। এই প্ৰতিযোগিতাত ভাৰত, বাংলাদেশ, ভূটান আৰু নেপালৰ নৱাগত আৰু দ্বিতীয়বাৰৰ বাবে চলচ্চিত্ৰ নিৰ্মাতাসকলৰ লগতে ব্ৰিটেইন আৰু জাৰ্মানীৰ প্ৰবাসী চলচ্চিত্ৰ নিৰ্মাতাসকলৰ ১৪খন চলচ্চিত্ৰ প্ৰদৰ্শিত হ’ব। প্ৰতিযোগিতাবিহীন ছেকচন(শাখা)ত ম্যানমাৰ, বাংলাদেশ আৰু নেপালৰ ছবিৰ লগতে অষ্ট্ৰেলিয়া, জাৰ্মানী, আমেৰিকা, ব্ৰিটেইন, পোলেণ্ড আৰু স্পেইনৰ দৃষ্টিভংগীৰ ৪৬খন চিনেমা অন্তৰ্ভুক্ত কৰা হৈছে।
সমাৰোহৰ বিষয়ে জিঅ’ মামিৰ সহ-পৰিচালক মৈত্ৰেয়ী দাসগুপ্তাই কয় যে, “আমি ১০ দিনীয়া মহোৎসৱ আয়োজনৰ বাবে অধীৰ আগ্ৰহেৰে অপেক্ষা কৰি আছোঁ, যিয়ে প্ৰতিষ্ঠিত আৰু নৱাগত চলচ্চিত্ৰ নিৰ্মাতাসকলক এক পৰিৱেশ তন্ত্ৰৰ অংশ হ’বলৈ এখন মঞ্চ প্ৰদান কৰে যাতে সৃষ্টিৰাজী আৰু ব্যৱসায়িক সুযোগক উৎসাহিত কৰিব পৰা যায়।”