অভিনেতা তথা ৰাজনীতিবিদ পৱন কল্যাণৰ জনসেনা দলৰ সমৰ্থন প্ৰত্যাহাৰ এন ডি এৰ পৰা। বৃহস্পতিবাৰে এই কথা ঘোষণা কৰে পৱন কল্যাণে। তেওঁ চন্দ্ৰবাবু নাইডুৰ দল তেলেগু দেশম পাৰ্টিক সমৰ্থন কৰাৰ কথা ঘোষণা কৰে।
উল্লেখ্য যে, পৱন কল্যানে অলপতে অন্ধ্ৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী এন চন্দ্ৰবাবু নাইডুৰ দল তেলেগু দেশম পাৰ্টিৰ সৈতে মিত্ৰতা কৰিছিল। নাইডুৰ গ্ৰেপ্তাৰৰ বিৰুদ্ধেও প্ৰতিবাদ সাব্যস্ত কৰিছিল। তেতিয়াৰ পৰাই বিশ্বাস কৰা হৈছিল যে তেওঁ হয়তো বিজেপিৰ পৰা পৃথক হ’ব।
পৱন কল্যাণৰ জনসেনা পাৰ্টিয়ে ২০২০ চনৰ জানুৱাৰী মাহত ভাৰতীয় জনতা পাৰ্টিৰ সৈতে হাত মিলাইছিল। তেতিয়া দুয়োটা দলে সিদ্ধান্ত লৈছিল যে তেওঁলোকে যৌথভাৱে স্থানীয় নিৰ্বাচন আৰু ২০২৪ চনত অনুষ্ঠিত হ’বলগীয়া লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিব। ইফালে ২০২৩ চনত জনসেনা পাৰ্টিয়ে চন্দ্ৰবাবু নাইডুৰ টিডিপিৰ ওচৰ চাপিবলৈ আৰম্ভ কৰে। শেহতীয়াকৈ পৱন কল্যাণেও টিডিপিৰ সৈতে মিত্ৰতাৰ কথা ঘোষণা কৰিছে। টিডিপি এনডিএৰ মিত্ৰতাত নাই, সেয়েহে জনসেনা পাৰ্টি এনডিএৰ পৰা পৃথক হ’ব পাৰে বুলি জল্পনা-কল্পনা চলি আছিল যদিও পৱন কল্যাণে এই বিষয়ে কোনো প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাছিল। এতিয়া হঠাৎ এন ডি এৰ পৰা আঁতৰি তেওঁ মুকলিকৈ টিডিপি আৰু চন্দ্ৰবাবু নাইডুক সমৰ্থন কৰাৰ কথা ঘোষণা কৰে।
দুদিন পূৰ্বে পৱন কল্যানে জনসেনা পাৰ্টিৰ আগন্তুক তেলেংগানা বিধানসভা নিৰ্বাচনত ১১৯খন আসনৰ ভিতৰত ৩২খন আসনত প্ৰতিদ্বন্দ্বিতা কৰাৰ কথা ঘোষণা কৰিছিল। বৃহত্তৰ হায়দৰাবাদ পৌৰ নিগমৰ সীমা আৰু খাম্মাম জিলাৰ আশে-পাশে অৱস্থিত অধিকাংশ আসনত দলটোৱে প্ৰতিদ্বন্দ্বিতা কৰিব। সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত পৱন কল্যাণে নিজেই এই কথা নিশ্চিত কৰিছে।