ছাত্ৰীৰ স্কুটীৰ পিছত উঠি এইবাৰ ৰাহুল গান্ধীৰ যাত্ৰা, ভাইৰেল ভিডিঅ’

২০২৪ৰ লোকসভা নিৰ্বাচনৰ পূৰ্বে ৰাইজৰ মাজত নিজৰ স্থিতি শক্তিশালী কৰাত নামি পৰিছে ৰাহুল গান্ধী। ভাৰত জোড়ো যাত্ৰাৰ সফলতাৰ পিছত আত্মবিশ্বাসী হৈ থকা ৰাহুল গান্ধীয়ে কেতিয়াবা যদি পথাৰত নামি ভূঁই ৰুইছে, কেতিয়াবা আকৌ মাণ্ডিলৈ গৈ কথা পাতিছে সাধাৰণ বিক্ৰেতাৰ সৈতে।

ৰাহুল গান্ধীৰ জয়পুৰ ভ্ৰমণৰ সময়তে এইবাৰ চৰ্চিত হৈ পৰিছে কংগ্ৰেছ সাংসদ গৰাকীৰ কিছু ফটো আৰু ভিডিঅ’। ৰাজস্থান ভ্ৰমণ কৰি ৰাহুল গান্ধীয়ে জয়পুৰত মহাৰাণী মহাবিদ্যালয়ত মেধাৱী ছাত্ৰীৰ মাজত স্কুটী বিতৰণ কৰাৰ লগতে এগৰাকী ছাত্ৰীৰ স্কুটীৰ পিছত উঠি যাত্ৰা কৰাৰ ভিডিঅ’ও ভাইৰেল হৈ পৰে।

ৱায়ানাদৰ সাংসদগৰাকীয়ে এক্সত কিছুমান ছোৱালী ছাত্ৰীৰ সৈতে তেওঁৰ মত বিনিময়ৰ কেইটামান স্নেপ শ্বেয়াৰ কৰে।

কংগ্ৰেছৰ হেণ্ডেলটোৱে ৰাহুল গান্ধীৰ চমু স্কুটী যাত্ৰাৰ ভিডিঅ’টো হিন্দীত “ৰাজস্থানত জননায়ক” বুলি কেপচন দি শ্বেয়াৰ কৰে। নিয়মীয়া বিমানেৰে জয়পুৰ বিমানবন্দৰত উপস্থিত হোৱা কংগ্ৰেছ নেতাগৰাকীক ৰাজস্থানৰ মুখ্যমন্ত্ৰী অশোক গেহলটৰ লগতে দলৰ আন জ্যেষ্ঠ নেতাসকলে আদৰণি জনায়।

চলিত বৰ্ষৰ শেষৰ ফালে ৰাজস্থানত বিধানসভা নিৰ্বাচন অনুষ্ঠিত হ’ব। বিজেপিৰ সাংসদ ৰমেশ বিধুৰীয়ে লোকসভাত বহুজন সমাজ পাৰ্টিৰ সাংসদ দনিশ আলীৰ বিৰুদ্ধে অপমানজনক মন্তব্য কৰাৰ পিছতে শুকুৰবাৰে সন্ধিয়া গান্ধীয়ে দিল্লীৰ নিজৰ বাসগৃহত সাক্ষাৎ কৰে।

বিএছপিৰ সাংসদগৰাকীক সাক্ষাৎ কৰাৰ পিছত সাংবাদিকৰ সৈতে হোৱা কথা-বতৰাত ৰাহুলে কয়, ‘ঘৃণাৰ বজাৰত প্ৰেমৰ দোকান আমি খুলিব লাগিব।’

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *