ঘোচ লৈ গ্ৰেপ্তাৰ হাত দাঙিলে মঙ্গলদৈ জিলা কৃষি বিষয়াই…

ৰাজ্যত পুনৰ ঘোচ লৈ গ্ৰেপ্তাৰ আন এজন চৰকাৰী বিষয়া। মঙলাবাৰে দৰং জিলাত ঘোচ লৈ দুৰ্নীতি নিবাৰক শাখাৰ হাতত হাতে-লোতে গ্ৰেপ্তাৰ হয় জিলা কৃষি বিষয়া।

ধৃত কৃষি বিষয়া গৰাকীক বিদ্যুত কুমাৰ তালুকদাৰ বুলি জানিব পৰা গৈছে। মঙ্গলদৈ জিলা কৃষি বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰি আছিল তেওঁ।

সূত্ৰ অনুসৰি অভিযোগকাৰীৰ নাম প্ৰশিক্ষণৰ বাবে মনোনীত কৰাৰ বাবে উৎকোচ গ্ৰহণ কৰাৰ সময়তে তালুকদাৰ ধৰা পৰে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *