১৮-২২ ছেপ্টেম্বৰৰ ভিতৰত ৫ দিনীয়া বিশেষ অধিৱেশনৰ আহ্বান মোদী চৰকাৰৰ, উত্থাপিত হ’ব পাৰে এক ৰাষ্ট্ৰ এক নিৰ্বাচন বিধেয়ক

সংসদীয় পৰিক্ৰমা মন্ত্ৰী প্ৰহ্লাদ যোশীয়ে বৃহস্পতিবাৰে প্ৰকাশ কৰে যে ২০২৩ চনৰ ১৮-২২ ছেপ্টেম্বৰৰ ভিতৰত পাঁচ দিনৰ বাবে সংসদৰ বিশেষ অধিৱেশন আহ্বান কৰা হৈছে। ৯ আৰু ১০ ছেপ্টেম্বৰত ৰাষ্ট্ৰীয় ৰাজধানীত অনুষ্ঠিত হ’বলগীয়া জি-২০ শীৰ্ষ সন্মিলনৰ কিছুদিন পিছত অনুষ্ঠিত হ’বলগীয়া বিশেষ অধিৱেশনৰ আঁৰৰ কাৰণ সম্পৰ্কে স্পষ্ট নহয়। অমৃত কালৰ সংসদত ফলপ্ৰসূ আলোচনা আৰু বিতৰ্কৰ বাবে আগ্ৰহী বুলিও টুইটযোগে মন্তব্য কৰে যোশীয়ে।

চলিত বৰ্ষৰ শেষৰ ফালে পাঁচখন ৰাজ্যত বিধানসভা নিৰ্বাচনৰ বাবে সাজু হোৱা দলসমূহে ৰাজনৈতিক মহলত বিশেষ অধিৱেশনৰ আহ্বানক লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। এই অধিৱেশনত মোদী চৰকাৰে এক ৰাষ্ট্ৰ এক নিৰ্বাচন বিধেয়ক উত্থাপন কৰিব বুলি বহু সংবাদ মাধ্যমে সূত্ৰৰ যোগে বাতৰি প্ৰকাশ কৰিছে।

উল্লেখ্য যে, ২০১৭ চনৰ ৩০ জুনত মাজনিশা জি এছ টি ৰোল-আউটৰ উপলক্ষে লোকসভা আৰু ৰাজ্যসভাৰ বিশেষ যৌথ বৈঠক আহ্বান কৰা মোডী নেতৃত্বাধীন চৰকাৰৰ ৯ বছৰৰ অধীনত এইটোৱেই প্ৰথম এনে বিশেষ অধিবেশন। সাধাৰণতে এবছৰত তিনিখন সংসদীয় অধিৱেশন অনুষ্ঠিত হয়- বাজেট, বৰ্ষাকালীন আৰু শীতকালীন অধিৱেশন।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *