নেলীত ভয়ংকৰ দুৰ্ঘটনাত মৃত্যু মালিগাঁৱ ৰে’লৱেৰ মুখ্য অভিযন্তাৰ

বৃহস্পতিবাৰে জাগীৰোডত সংঘটিত হোৱা এক বৃহৎ দুৰ্ঘটনাত নিহত হয় মালিগাঁও ষ্টেচন ইউনিটৰ ৰে’লৱে মুখ্য অভিযন্তা আনন্দ স্বৰূপ।

জানিব পৰা মতে, জাগীৰোডৰ নেলীত এই কাণ্ড সংঘটিত হয়। ৫৫ বৰ্ষীয় মুখ্য অভিযন্তাগৰাকীয়ে যাত্ৰা কৰা এ এছ০১ কেচি ৯২৫৩ নম্বৰৰ বাহনখন এক ভয়ংকৰ দুৰ্ঘটনাত পতিত হোৱাত থিতাতে মৃত্যু ঘটে আনন্দ স্বৰূপৰ।

ইফালে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে মৰিগাঁও চিকিৎসালয়লৈ প্ৰেৰণ কৰে।

অধিক সবিশেষৰ বাবে অপেক্ষা কৰি আছে।

By editor

Leave a Reply

Your email address will not be published. Required fields are marked *