আজৱ বিভাগ, আজৱ কাণ্ড

বিদ্যুৎ বিভাগৰ অকৰ্মন্যতা আৰু অমনোযোগীতাৰ বাবেই হাস্পাতালৰ বিচনাত জীৱন মৃত্যুৰ সৈতে যুঁজিবলগীয়া হৈছে কণমানি পুত্ৰই ।
আজৱ বিভাগ, আজৱ কাণ্ড । বিহালীত বিদ্যুৎ বিভাগৰ চূড়ান্ত অকৰ্মন্যতাৰ বাবেই হাস্পাতালৰ বিচনাত জীৱন মৃত্যুৰ সৈতে যুঁজিবলগীয়া হৈছে একেটি পৰিয়ালৰ মাতৃ আৰু ৮ বছৰীয়া কণমানি পুত্ৰই । যোৱা নিশা প্ৰায় ১০ মান বজাত বিহালী সমষ্টিৰ অন্তৰ্গত চেৰেলীয়া পথাৰৰ নিবাসী সুস্মিতা ৰাজপুতৰ বাসগৃহৰ ওপৰেদি যোৱা উচ্চ বিদ্যুৎ পৰিবাহী এডাল তাঁৰ চিঙি আছিল । আজি পুৱা ৬.৩০ মান বজাত সুস্মিতা ৰাজপুতৰ ৮ বছৰীয়া কণমানি পুত্ৰ ত্ৰিনয়ন ৰাজপুতে প্ৰথম অৱস্থাত তাঁৰডালত লাগি বিদ্যুৎপৃষ্ট হৈ লগে লগে মাতৃ সুস্মিতাই পুত্ৰক বচাবলৈ আহি নিজেও গুৰুত্বৰভাৱে আহত হয় । দুয়োকে স্থানীয় ৰাইজে প্ৰথম অৱস্থাত বিশ্বনাথ অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰাই যদিও উন্নত চিকিৎসাৰ বাবে সংকটজনক অৱস্থাত চিকিৎসকে তেজপুৰ কলেজ হাস্পাতাললৈ প্ৰেৰণ কৰে । স্থানীয় ৰাইজৰ অভিযোগ বিদ্যুৎ বিভাগৰ কৰ্মচাৰীৰ হেমাহিৰ বাবেই উক্ত দুৰ্ঘটনাটো সংঘটিত হ’ল । ইফালে, ঘটনা সন্দৰ্ভত আদিবাসী ছাত্ৰ সন্থাৰ দাবী বিদ্যুৎ বিভাগৰ যিগৰাকী কৰ্মচাৰীৰ অকৰ্মন্যতাৰ বাবে এই ঘটনা সংঘটিত হ’ল তেওঁৰ বিৰুদ্ধে তদন্ত কৰাৰ সমান্তৰালকৈ দিন হাজিৰা কৰি পৰিয়াল পোহপাল দিয়া দুৰ্ভগীয়া পৰিয়ালটোৰ চিকিৎসাৰ সম্পূৰ্ণ খৰচ বহন কৰিবলৈ দাবী উত্থাপন কৰিছে । বিদ্যুৎ বিভাগে কেনেধৰণৰ পদক্ষেপ গ্ৰহণ কৰিব সেয়া অনাগত দিনত লক্ষ্যনীয় হ’ব ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *