নগাঁৱত মুল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ প্ৰগতিশীল নাৰী সন্থাৰ।ৰাজ্যত অব্যাহত থকা অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে বুধবাৰে নগাঁও জিলাৰ কাটিমাৰী গ্ৰান্টত সদৌ অসম প্ৰগতিশীল নাৰী সন্থাই এক প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ নাৰী সংগঠনটোৰ নগাঁও সদৰ সমিতিৰ আহ্বানত গ্ৰহন কৰা এই প্ৰতিবাদী কাৰ্যসূচীত শতাধিক মহিলাই অংশগ্ৰহণ কৰে ৷ প্ৰতিবাদকাৰীসকলে অঞ্চলৰ মাজেৰে এক প্ৰতিবাদী সমদল বাহিৰ কৰি “ৰন্ধন গেছৰ মূল্য বৃদ্ধিৰে আমাক ভোকত নাৰাখিব”, “বিদ্যুতৰ মাচুল বৃদ্ধিৰে আমাক এন্ধাৰত নাৰাখিব”, “অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰে আমাক নামাৰিব”, “আমাক সুস্থভাৱে জীয়াই থাকিবলৈ দিয়ক”, “শাষণ মানে শোষণ, দমন নহয়”, “মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰিলে শাসনভাৰ এৰি দিয়ক” আদি শ্ল’গানেৰে পৰিবেশ উত্তাল কৰি তোলে । প্ৰতিবাদী কাৰ্যসূচীত উপস্থিত থাকি সন্থাৰ নগাঁও জিলা সমিতিৰ ভাৰপ্ৰাপ্ত সম্পাদিকা আয়েফা বেগম আৰু সন্থাৰ নগাঁও সদৰ সমিতিৰ সম্পাদিকা মালবিকা বৰাই মূল্যবৃদ্ধি নিয়ন্ত্ৰণৰ ক্ষেত্ৰত চৰকাৰ আজি ব্যৰ্থ হৈছে বুলি বুলি মন্তব্য কৰে ৷
