বহিঃৰাজ্যত কাম কৰিবলৈ গৈ ট্ৰেইনতে সন্ধানহীন তিতাবৰৰ এজন যুৱক

নিউজ ডেস্ক,২০ জুলাই :বহিঃৰাজ্যত কাম কৰিবলৈ গৈ ট্ৰেইনতে সন্ধানহীন তিতাবৰৰ এজন যুৱক।

যোৱা দেওবাৰে চেন্নাইত কাম কৰিবলৈ বুলি ঘৰৰ পৰা ওলাই গৈছিল তিতাবৰ বেকাজান ৩৬ ঘৰীয়াৰ যুৱক পাপু চুতীয়া।

কিন্তু কালি চেন্নাই পোৱাৰ পূৰ্বেই সন্ধানহীন হৈ পৰে পাপু চুতীয়া।

পাপুৰ পৰিয়াল, পাপুৰ বন্ধুবৰ্গই বিভিন্ন প্ৰকাৰে বিচাৰ-খোচাৰ কৰিছে যদিও পাপুৰ সন্ধান লাভ কৰিবলৈ সক্ষম হোৱা নাই।

এমহীয়া এটি সন্তান থকা ৩৪ বছৰীয়া যুৱক পাপু চুতীয়া বহিঃৰাজ্যত গৈ এনেদৰে সন্ধানহীন হৈ পৰা ঘটনাই বৰ্তমান চিন্তিত কৰি তুলিছে পৰিয়ালক।

পাপুৰ সন্ধান উলিৱাৰ ক্ষেত্ৰত আৰক্ষী প্ৰশাসনৰ সহায়ৰ আহ্বান পৰিয়ালৰ।

সম্প্ৰতি ঘটনাটোৱে তিতাবৰৰ বেকাজানত সৃষ্টি কৰিছে তীব্ৰ চাঞ্চল্যৰ।

By Dipshikha

Leave a Reply

Your email address will not be published. Required fields are marked *